ETV Bharat / sitara

একাংশই কিয় ভাল পোৱা নাই কবীৰ সিং ! পুৰুষত্বৰ এক বিষাক্ত ৰূপ উদঙাইছে নেকি কবীৰ সিঙে !

author img

By

Published : Jun 23, 2019, 3:05 PM IST

Updated : Jun 23, 2019, 11:09 PM IST

একাংশই কিয় ভাল পোৱা নাই কবীৰ সিং

নিউজ ডেক্স,২৩ জুনঃ সম্প্ৰতি চৰ্চাত আছে শেহতীয়াকৈ মুক্তি পোৱা চলচ্চিত্ৰ কবীৰ সিং। এটা সুন্দৰ আৰম্ভণিৰে মুক্তিৰ দুটা দিনৰ ভিতৰতে অৰ্জন কৰিবলৈ সক্ষম হৈছে ২০.২১ কোটি টকা । মূলতঃ কবীৰ সিং চলচ্চিত্ৰখন হ'ল তেলেগু ব্লকব্লাষ্টাৰ 'অৰ্জুন ৰেড্ডী'ৰ ৰি মেক ।

ETV_BHARAT_ASSAM
একাংশই কিয় ভাল পোৱা নাই কবীৰ সিং

চলচ্চিত্ৰখনত কবীৰ সিঙে (শ্বাহিদ কাপুৰ) এজন ডাক্তৰৰ চৰিত্ৰ ৰূপায়ন কৰিছে, যি খুবেই খঙাল ৷ কবীৰ সিঙে প্ৰীতি( কিয়াৰা আদৱানী )ক লগ পাই ডাক্তৰ পঢ়ি থকা দিনত মেডিকেল কলেজত । দুয়োৰে মাজত পঢ়ি থকাৰ সময়চোৱাত দুৰ্দান্ত প্ৰেম হয় । কবীৰ সিঙৰ বাবে কবীৰৰ প্ৰেমিকা প্ৰীতি( কিয়াৰা আদৱানী ) অভ্যাসলৈ পৰিণত হৈ যায় । চলচ্চিত্ৰখনত কবীৰ সিঙৰ চৰিত্ৰটো যিমানেই শক্তিশালী ৰূপত প্ৰতিপন্ন কৰিছে সিমানেই প্ৰীতিৰ চৰিত্ৰটো খুবেই নিৰৱতাৰ মাজেৰে নিছে । কিন্তু কবীৰৰ যাত্ৰা আৰম্ভ হয় তাৰ পাছৰ পৰাহে । দুয়োৰে প্ৰেমৰ সম্পৰ্ক প্ৰীতিৰ ঘৰখনে গ্ৰহণ নকৰাত কবীৰ সিং খুবেই উত্তেজিত হৈ পৰে । কিয়াৰাৰ অন্য এগৰাকী পুৰুষৰ সৈতে বিয়া হোৱাৰ পাছত কবীৰ উত্তাৱল হৈ খুবেই নিচাসক্ত হৈ পৰাৰ লগতে যৌনপিপাসু হৈ পৰে । চলচ্চিত্ৰখনক একাংশই সমালোচনা কৰিছে যে, বহুতৰে এনে অনুভৱ হৈছে যে চলচ্চিত্ৰখনে নাৰীৰ ওপৰত পুৰুষৰ এক বলপূৰ্বক ব্যৱহাৰৰ দিশটো প্ৰতিফলিত কৰিছে । আনফালে সকলোৱে শ্বাহিদ কাপুৰৰ দুৰ্দান্ত অভিনয়ৰ শলাগ লৈছে ।

Intro:Body:

KABIR SINGH MOVIE REVIEW

Conclusion:
Last Updated : Jun 23, 2019, 11:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.