নিউজ ডেস্ক, 4 এপ্ৰিলঃ বিখ্যাত হলিউড ছবি "ফিফটি শ্বেড অফ গ্ৰে"ৰ মুখ্য অভিনেতা জেমি ডাৰ্নন সাজু জন পেট্ৰিক শৌনলীৰ পৰৱৰ্তী ছবি "ৱাইল্ড মাউন্টেন থিম"ত হালিডে গ্ৰিংগাৰৰ সৈতে অভিনয় কৰিবলৈ ৷ ভেৰাইটি দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, শৌনলীৰ হিট ব্ৰডৱে নামৰ নাটকখনৰ আধাৰিত নিৰ্মিত হ'ব এই ছবিখন ৷ ছবিখনত জেমি ডাৰ্নন আৰু হালিডে গ্ৰিংগাৰ দুয়োকে দেখিবলৈ পোৱা যাব অবুজ প্ৰেমিক-প্ৰেমিকাৰ ৰূপত, যাৰ পৰিয়ালে এডোখৰ মাটিৰ বাবে কাজিয়া কৰি আহিছে ৷ যিখিনি মাটিয়ে দুয়োটা পৰিয়ালৰ খেতিক বিভাজন কৰি ৰাখিছে ৷ আশা কৰা মতে, চলিত বৰ্ষৰ গ্ৰীষ্মকালতে আয়াৰলেণ্ড আৰু নিইউয়ৰ্কত আৰম্ভ হ'ব ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম ৷
উল্লেখ্য যে, জন পেট্ৰিক শৌনলী এগৰাকী অকাডেমী বঁটা প্ৰাপক পৰিচালক ৷ 2016 চনত মুক্তি লাভ কৰা "মুনলাইট" ছবি আৰু 2008 চনত ছবিগৃহত জনপ্ৰিয় হৈ পৰা "ডাউট" ছবিৰ বাবে তেওঁ সকলোৰে পৰিচিত ৷