চিটাৰা ডেস্ক,২৮ মাৰ্চ: শনিবাৰে অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত ইৰফান খানক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে জীৱনজোৰা সাধনা বঁটা আৰু অংৰেজি মিডিয়ামৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান । এই দুয়োটা বঁটা গ্ৰহণ কৰে ইৰফান খানৰ পুত্ৰ বাবিল খানে । কিন্তু বঁটা গ্ৰহণৰ পিছতে ৭ গৰাকী সাংবাদিকে তেওঁক সুধিছিল এই অনুষ্ঠানত তেওঁ সন্মানিত বোধ কৰিছিল নেকি । ইয়াৰ পিছতে সাংবাদিক কেইগৰাকীক সমালোচনা কৰে বাবিলে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি সাংবাদিক কেইগৰাকীক সমালোচনা কৰে বাবিলে । তেওঁ কয় যে বাবলিৰ মুখলৈ চাই কেনেদৰে তেওঁলোকে কব পাৰিলে যে তেওঁ অনুষ্ঠানত সন্মানিত বোধ অনুভৱ কৰিছিল । বিশ্ববিদ্যালয় এৰাৰ পৰাই তেওঁ তেনেকৈয়ে থাকে বুলি উল্লেখ কৰে । তেওঁ লগতে কেইখনমান ফটো শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে তেওঁ এই চেহেৰাটো লৈয়ে লাখ লাখ অনুৰাগী মাজত বলীউডলৈ যাব ।
লগতে পঢ়ক:ফিল্মফেয়াৰ বঁটাৰ শীৰ্ষত ইৰফান-তাপচী