নিউজ ডেক্স,২০ মে' : জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰে ভূপালৰ বিজেপি প্ৰাৰ্থী চাধৱী প্ৰজ্ঞাক ভোট নিদিবৰ বাবে টুইটযোগে জনতাক আহ্বান কৰাৰ পাছতেই সমালোচনাৰ সন্মুখীন হয় অভিনেতাজন । কাৰণ টুইট যোগে অভিনেতাজনে ১৯ মে' তাৰিখে এই টুইট প্ৰকাশ কৰিছিল কিন্তু লক্ষণীয় কথাটো হ'ল যে , ১২ মে'তে ভূপালৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল । তাৰ পাছতেই সকলো দিশৰ পৰা চৰ্চাৰ বিষয় হৈ পৰে তেঁওৰ এই টুইটতো । লগতে ক্ষুৰধাৰ সমালোচনা কৰে অভিনেতাগৰাকীক ।
কিন্তু শেহতীয়াকৈ নিজৰ জড়তা ভাঙি তেঁওক কৰা এই সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে অভিনেতাজনে । "মই তাৰিখটো ভুল কৰোঁতেই মোৰ ডিঙিত ধৰিছে কিন্তু যি ইতিহাস ভুল কৰি পেলাইছে তেঁওকে সকলোৱে সাৱটি লৈছে " বুলি তেঁও টুইটযোগে প্ৰত্যুত্তৰ দাঙি ধৰিছে।