ETV Bharat / sitara

ক্ৰিছ নোলানৰ সৈতে কাম কৰি অভিনেত্ৰীৰ সুকীয়া পৰিচয় প্ৰাপ্তি এলিজাবেথৰ - Tenet

হলিউড অভিনেত্ৰী এলিজাবেথ ডেবিকীৰ বাবে ছবি নিৰ্মাতা ক্ৰিষ্ট’ফাৰ নোলানৰ ছবি 'Tenet'ত তেওঁৰ সৈতে কাম কৰিব পোৱাতো এক উল্লেখনীয় অভিজ্ঞতা ৷ এই অভিজ্ঞতাই এলিজাবেথক অভিনেত্ৰী হিচাপে এক সুকীয়া পৰিচয় দাঙি ধৰিছে ৷

Elizabeth Debicki commented
এলিজাবেথ ডেবিকীৰ মন্তব্য
author img

By

Published : Jan 3, 2021, 2:03 PM IST

চিটাৰা ডেস্ক,3 জানুৱাৰী : ছবি নিৰ্মাতা ক্ৰিষ্ট’ফাৰ নোলানৰ ছবি 'Tenet'ত তেওঁৰ সৈতে কাম কৰিব পোৱাতো হলিউড অভিনেত্ৰী এলিজাবেথ ডেবিকীৰ বাবে এক উল্লেখনীয় অভিজ্ঞতা, যিয়ে এলিজাবেথক অভিনেত্ৰী হিচাপে এক সুকীয়া পৰিচয় দিয়ে ৷

এলিজাবেথৰ বাবে ক্ৰিষ্ট’ফাৰ এগৰাকী অদ্বিতীয় ছবি নিৰ্মাতা ৷ তেওঁৰ সৈতে কাম কৰি এক বিশেষ অনুভৱ ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে ৷ তেওঁৰ ছবি পৰিচালনাত থকা ব্যস্ততাক লক্ষ্য কৰে এলিজাবাথে ৷ তেওঁ ক্ৰিষ্ট’ফাৰৰ সৈতে কাম কৰি পোৱা অভিজ্ঞতা কেতিয়াও আনৰ সৈতে অনুভৱ কৰা নাই বুলি উল্লেখ কৰে ৷

ক্ৰিষ্ট’ফাৰ নোলানৰ শেহতীয়া ছবি 'Tenet' হৈছে এখন স্পাই থ্ৰীলাৰ ছবি ৷ ছবিখনত বলিউড অভিনেত্ৰী ডিম্পল কাপাদিয়াক প্ৰিয়া নামৰ এক চৰিত্ৰত দেখা গৈছে ৷ ডিম্পলৰ চৰিত্ৰটো এগৰাকী মৃত সদৃশ মহিলাৰ চৰিত্ৰ ৷

এই ছবিখনৰ দৃশ্যগ্ৰহণ 7 খন দেশ- ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ডেনমাৰ্ক, এষ্টোনিয়া, ইটালী আৰু নৰৱে’ত সম্পন্ন কৰা হয় ৷ বিগত বৰ্ষৰ 4 ডিচেম্বৰত মুক্তিলাভ কৰে এই ছবিখন ৷

লগতে পঢ়ক : চুইমিং পুলৰ পৰা অনুৰাগীলৈ দেওবৰীয়া শুভেচ্ছা মালাইকা আৰোৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.