ETV Bharat / sitara

মাতৃৰ বিয়োগৰ দুটা দিন পাছতে পৰিয়ালসহ লণ্ডনলৈ ৰাওনা অক্ষয় কুমাৰ

author img

By

Published : Sep 11, 2021, 5:16 PM IST

Updated : Sep 14, 2021, 3:55 PM IST

মুম্বাইৰ কালিনা বিমানবন্দৰত পৰিয়ালসহ অক্ষয় কুমাৰক দেখা গৈছে । তেওঁৰ নতুন আহিবলগীয়া ছবিৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিবলৈ লণ্ডনলৈ ৰাওনা হৈছে ।

Akshay Kumar jets off to UK
মাতৃৰ বিয়োগৰ দুটা দিন পাছতে পৰিয়ালসহ লণ্ডনলৈ ৰাওনা অক্ষয় কুমাৰ

চিটাৰা ডেস্ক,১১ ছেপ্টেম্বৰ : যোৱা ৮ ছেপ্টেম্বৰত মৃত্যু হয় বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ । মাতৃৰ মৃত্যুৰ পাছত কঠিন পৰিস্থিতিৰ মাজেৰে প্ৰায় ২ টা দিন অতিক্ৰম কৰাৰ পাছত পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিল অভিনেতা অক্ষয় কুমাৰ । পৰৱৰ্তী ছবিৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিবলৈ শনিবাৰে অভিনেতাগৰাকী ৰাওনা হয় লণ্ডনলৈ । উল্লেখ্য যে মাতৃক মুম্বাইৰ হিৰানন্দনী হাস্পতালত ভৰ্তি কৰাৰ পাছত ৬ ছেপ্টেম্বৰত তেওঁ ঘৰলৈ উভতি আহিছিল ।

পূজা এণ্টাৰটেইনমেণ্টৰ (Pooja Entertainment) বেনাৰত নিৰ্মিত পৰৱৰ্তী ছবিখনৰ বাবে পৰিয়ালৰ সৈতে লণ্ডনলৈ ৰাওনা হয় অভিনেতাগৰাকী । অক্ষয় কুমাৰক মুম্বাইৰ কালিনা বিমানবন্দৰত পত্নী টুইঙ্কল খান্না আৰু দুই সন্তান আৰৱ আৰু নিতাৰাৰ সৈতে দেখা গৈছিল । অভিনেতাগৰাকীৰ জন্মদিনৰ ঠিক এদিন পূৰ্বে মাতৃৰ বিয়োগ ঘটিছে ।

অভিনেতাগৰাকীয়ে টুইটাৰযোগে তেওঁৰ মাতৃৰ মৃত্যুৰ দুখজনক খবৰটো ঘোষণা কৰিছিল । তেওঁ উল্লেখ কৰা মতে মাতৃয়ে তেওঁৰ মূল আছিল । মাতৃক হেৰুৱাই এক অসহনীয় বেদনা অনুভৱ কৰা বুলিও তেওঁ উল্লেখ কৰিছিল । শুভাকাংক্ষীসকলক মাতৃৰ বিয়োগৰ খবৰ দি টুইটাৰত তেওঁ লিখিছিল যে এই পৃথিৱী এৰি তেওঁৰ মাতৃয়ে পিতৃ থকা আন এখন পৃথিৱীলৈ গমন কৰিছে ।

অক্ষয় কুমাৰক শেহতীয়াকৈ স্পাই থ্ৰিলাৰ বেলবটমত (Bell Bottom) দেখা গৈছিল য'ত লাৰা দত্ত ভূপতি, বাণী কাপুৰ আৰু হুমা এছ কুৰেছিয়েও অভিনয় কৰিছিল । ক'ভিডৰ দ্বিতীয় ঢৌৰ (Covid second wave) পাছত ছবিখন ছবিগৃহত মুক্তি পোৱা প্ৰথম হিন্দী চলচ্চিত্ৰ আছিল । ইয়াৰ উপৰিও, অক্ষয় কুমাৰক ভূমি পেডনেকাৰৰ সৈতে ৰক্ষা বন্ধন (Raksha Bandhan), কৃতি চাননৰ (Kriti Sanon) সৈতে বচ্চন পাণ্ডে (Bachchan Pandey) আৰু ধনুষ (Dhanush) আৰু চাৰা আলী খানৰ (Sara Ali Khan) সৈতে আত্ৰাংগী ৰে (Atrangi Re) দেখা যাব ।

লগতে পঢ়ক :জন্মদিনত মাতৃক স্মৰণ কৰি আবেগিক হৈ পৰিছে খিলাড়ী অক্ষয় কুমাৰ

Last Updated : Sep 14, 2021, 3:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.