ETV Bharat / sitara

COVID-19 প্ৰভাৱঃ চাৰিমাহ পিছুৱাই দিয়া হ'ল অস্কাৰ বঁটা

author img

By

Published : May 12, 2020, 9:57 PM IST

কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে সমগ্ৰ বিশ্বতে যথেষ্টকেইখন ছবিৰ মুক্তি পিছুৱাই দিয়া হৈছে ৷ কেৱল সেয়াই নহয় 93টা বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে 2021ৰ অস্কাৰ বঁটা চাৰিমাহ পিছুৱাই দিয়া হৈছে ৷

covid 19 effect first time in 93 years oscars to get delayed by four months
COVID-19 প্ৰভাৱঃচাৰিমাহ পিছুৱাই দিয়া হ'ল অস্কাৰ বঁটা

চিটাৰা ডেস্ক,12 মে'ঃ কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বকে ভয়ানক বিপদৰ মাজলৈ থেলি দিছে ৷ এই ভাইৰাছে দেশৰ অৰ্থনীতি, শিক্ষাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে ৷

সমগ্ৰ বিশ্বতে বহুকেইখন ছবিৰ মুক্তিত বাধা আহি পৰিছে ৷ কেৱল মুক্তিয়েই নহয় নতুনকৈও ছবি নিৰ্মাণ কৰিব পৰা নাই ছবি উদ্যোগসমূহে ৷ কেৱল সেয়াই নহয় অস্কাৰ বঁটাও চাৰিমাহ পিছুৱাই দিয়া হৈছে ৷

আগন্তুক বৰ্ষৰ 28 ফেব্ৰুৱাৰীত অস্কাৰ বঁটাৰ অনুষ্ঠান আয়োজন হোৱাৰ কথা আছিল ৷ কিন্তু বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই এৱাৰ্ড চাৰিমাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে ৷

কৰ'ণাৰ বাবে এই বঁটাৰ মাজতো কিছু সাল-সলনি কৰা হৈছে ৷ এই বৰ্ষত মুক্তি পোৱা ছবিসমূহক লৈহে বঁটা প্ৰদান কৰা হ'ব ৷ লগতে বঁটা প্ৰদানৰ বহুকেইটা শিতান হ্ৰাস কৰি মুঠ 23 টাহে শিতানহে ৰাখিব বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.