ETV Bharat / sitara

পিতৃৰ জন্মবাৰ্ষিকীত স্মৰণীয় ফটো শ্বেয়াৰ অভিনেত্ৰী ভুমি পেডনেকাৰৰ - ‘দ্যা চান্দ কি আঁখ’ৰ তাৰকা ভুমি পেডনেকাৰ

পিতৃ শতীশ পেডনেকাৰৰ জন্মদিন উপলক্ষ্যে নিজ কন্যা অৰ্থাৎ বলিউডৰ মোহময়ী অভিনেত্ৰী ভুমি পেডনেকাৰৰ পিতৃৰ সৈতে তোলা ল’ৰালিৰ অন্তৰংগ মূহুৰ্তৰ ফটো শ্বেয়াৰ ৷ লগতে তেওঁ কিদৰে দেউতাকৰ সৈতে সময় পাৰ কৰিছিল, তাৰ এক অনুভৱ প্ৰকাশ কৰে ৷

পিতৃৰ জন্মবাৰ্ষিকীত স্মৰণীয় ফটো শ্বেয়াৰ অভিনেত্ৰী ভুমি পেডনেকাৰৰ

author img

By

Published : May 19, 2020, 6:21 PM IST

চিটাৰা ডেস্ক, 19 মে’: বলিউডৰ মোহময়ী অভিনেত্ৰী ভুমি পেডনেকাৰে মঙলবাৰে তেওঁৰ পিতৃৰ জন্মবাৰ্ষিকী উপলক্ষ্যে পিতৃৰ সৈতে অতিবাহিত কৰা অন্তৰংগ মূহুৰ্তৰ কিছু স্মৃতি দেউতাকৰ সৈতে সৰুকালত উঠা ফটোৰ জৰিয়তে শ্বেয়াৰ কৰে ৷ অভিনেত্ৰী ভুমিয়ে তেওঁৰ চ’ছিয়েল মিডিয়াৰ যোগেদি এই অনুভৱ ব্যক্ত কৰে ৷

‘দ্যা চান্দ কি আঁখ’ৰ তাৰকা ভুমি পেডনেকাৰে কিদৰে দেউতাকৰ সৈতে সময় অতিবাহিত কৰিছিল, সেই অনুভৱখিনি তেওঁৰ ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে ব্যক্ত কৰে ৷ লগতে তেওঁ উল্লেখ কৰে যে, তেওঁৰ দেউতাকক আৰু দেউতাকৰ সৈতে কটোৱা প্ৰতিটো মূহুৰ্ত তেওঁৰ লগতে গোটেই পৰিয়ালে স্মৰণ কৰে ৷

পিতৃৰ জন্মবাৰ্ষিকীত স্মৰণীয় ফটো শ্বেয়াৰ অভিনেত্ৰী ভুমি পেডনেকাৰৰ
পিতৃৰ জন্মবাৰ্ষিকীত স্মৰণীয় ফটো শ্বেয়াৰ অভিনেত্ৰী ভুমি পেডনেকাৰৰ

যেতিয়া তেওঁৰ মাতৃয়ে দেউতাকৰ কথা কয়, মাকৰ মুখখন যেন লাজতে ৰঙা পৰি যায়, যেতিয়া ভুমি আৰু তেওঁৰ ভনীয়েকে ভাল কৃতিত্ব অৰ্জন কৰে তেতিয়া মাকে দুয়োকে দেউতাকৰ নিচিনা বুলি কৈ আনন্দ লাভ কৰে ৷ যেতিয়া তেওঁ আইনাত নিজ মুখখন প্ৰত্যক্ষ কৰে, তেতিয়াই তেওঁৰ দেউতাকৰ ছবি মনলৈ আহে ৷ ‘দ্যা পতি পত্নী ঔৰ ৱোহ’ৰ তাৰকা ভুমিয়ে ব্যক্ত কৰে যে, সকলোৱে তেওঁক তেওঁৰ দেউতাকৰ সদৃশ বুলিও কয় ৷

লগতে পঢ়ক: সম্পৰ্কত ফাঁট : নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.