নিউজ ডেক্স,৬ জুনঃ শেহতীয়াকৈ বুধবাৰে ঈদৰ শুভক্ষণত মুক্তি পালে চলমান খান অভিনীত 'ভাৰত' চলচ্চিত্ৰই । চলমান খান আৰু কেটৰিণা কাঈফে মুখ্য চৰিত্ৰত অভিনয় কৰা চলচ্চিত্ৰখনে মুক্তিৰ প্ৰথম দিনতে খুবেই ভাল উপাৰ্জন কৰে । প্ৰথমটো দিনতে ৪২.৩০ কোটি টকা অৰ্জনৰ জৰিয়তে চলমান খানে এক বৃহৎ শুভাৰম্ভণি কৰে ।এই কথাকলৈ যথেষ্ট সুখী হৈ পৰে চলমান খান আৰু সেয়ে টুইটাৰ যোগে ধন্যবাদসূচক বাৰ্তা লিখে সকলোৰে বাবে ।
এই ঈদত এইয়া এক ভাল আৰম্ভণি তেঁওৰ বাবে । উল্লেখ্য যে, চলমান খানৰ 'টাইগাৰ জিন্দা হে' ,' চুলতান' , 'প্ৰেম ৰতন ধন পায়ো ' এই সকলোবোৰ হিট ছবিতকৈও 'ভাৰত' ছবিখনৰ আৰম্ভণিৰ উপাৰ্জন অধিক ।