নতুন দিল্লী,4 আগষ্টঃ মুক্তিৰ পূৰ্বেই খুবেই চৰ্চিত হৈ পৰিছে জন আব্ৰাহম অভিনীত থ্ৰিলাৰ ছবি"বাটলা হাউচ" ৷ শনিবাৰে নতুন দিল্লীত উপৰাষ্ট্ৰপতি ভেংকেয়া নায়ডুৰ বাবে এই থ্ৰিলাৰ চলচ্চিত্ৰখনৰ বিশেষ দৰ্শনী ৰখা হয় ৷


শনিবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজক নিখিল আদৱানীৰ লগতে অভিনেতা জন আব্ৰাহম, অভিনেত্ৰী ম্ৰুণাল ঠাকুৰৰ সহিতে বাটলা হাউচৰ বহু কেইজন কলা-কুশলীক সাক্ষাৎ কৰে৷