ETV Bharat / sitara

অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’ - কৃপাল কলিতা

অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰিজ’(Bridge)য়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই আনিছে আন এক সুখৰ বতৰা ৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা পৰিচালক কৃপাল কলিতা(Kripal Kalita)ৰ এই ছবিখনে শেহতীয়াকৈ স্থান লাভ কৰিছে অস্কাৰ(Oscar)ৰ সাম্ভাব্য তালিকাত ৷

bridge it to indias list of oscars probables
অস্কাৰৰ সাম্ভাব্য তালিকাত ব্ৰিজ
author img

By

Published : Nov 10, 2021, 2:33 PM IST

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে এক সুখবৰ ৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(International Film Festival)লৈ মনোনীত হোৱা পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবি ‘ব্ৰিজ’(Bridge)য়ে শেহতীয়াকৈ লাভ কৰিছে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান ৷

কৃপাল কলিতা(Kripal Kalita)ৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে 5-9 নৱেম্বৰলৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’ছি(Sochi)ত অনুষ্ঠিত 6 সংখ্যক Russian-British Sochi International Film Festival and Awards (SIFFA)ত দুটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ ছবিখনৰ বাবে পৰিচালক কৃপাল কলিতাই ‘শ্ৰেষ্ঠ নৱাগত পৰিচালক’ আৰু শিৱা ৰাণী কলিতা(Siba Rani Kalita)ই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ সন্মান লাভ কৰে ৷

bridge it to indias list of oscars probables
অস্কাৰৰ সাম্ভাব্য তালিকাত ব্ৰিজ

আনহাতে, Ottawa Indian Film Festival Awards(OIFFA-2021)তো শিৱা ৰাণী কলিতাই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে । সুদুৰ অ’টোৱাৰ পৰা ডাকযোগে অসমলৈ আহি পাইছে এই বঁটা ৷ ইয়াৰোপৰি শিৱা ৰাণীয়ে Indian film Festival of Cincinnati-2021তো ছবিখনৰ বাবে লাভ কৰিছে ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ আন্তঃৰাষ্ট্ৰীয় সন্মান ৷

চলিত বৰ্ষৰ জানুৱাৰী মাহত গোৱাত অনুষ্ঠিত হোৱা 51 সংখ্যক International Film Festival of India (IFFI)ত বঁটা লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হৈছে ব্ৰিজ ৷ শেহতীয়াকৈ ব্ৰিজে অস্কাৰ(Oscar)ৰ সাম্ভাব্য তালিকাতো স্থান লাভ কৰিবলৈ সক্ষম হয় । এয়া অসমৰ লগতে ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ প্ৰায় 12 খন চলচ্চিত্ৰই এই তালিকাত স্থান লাভ কৰিছে ৷

ব্ৰিজ ছবিখন সম্পূৰ্ণৰূপে এখন নৈপৰীয়া গাঁৱক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয় ৷ ‘ভিলেজ ৰকষ্টাৰ’ৰ লেখীয়াকৈ এই ছবিখনতো কেন্দ্ৰীভূত হৈ আছে সহজ-সৰহ গাঁৱলীয়া পৰিৱেশ ৷ এখন ভগা দলঙে কেনেকৈ গাঁৱলীয়াৰ জীৱনলৈ কাল ধুমুহা নমাই আনে আৰু গাঁৱৰ কিশোৰী এগৰাকীয়ে নিজৰ পৰিয়ালৰ প্ৰতি কৰা সংগ্ৰামৰ প্ৰতিটো দিশ স্পষ্টৰূপত ফুটি উঠিছে এই ছবিখনৰ মাজেৰে ৷

ছবিখনৰ মাজেৰে নৈখনক লৈ গাঁৱৰ মানুহখিনিৰ দুৰ্বাৰ মৰম আৰু আবেগৰ ভাৱো ফুটি উঠা পৰিলক্ষিত হৈছে ৷ বাস্তৱ ঘটনা অসমৰ বান পৰিস্থিতিৰ ওপৰত আধাৰিত ‘ব্ৰিজ’ ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপৰ আঁৰত আছে ছবিখনৰ পৰিচালক কৃপাল কলিতা ৷ ‘কৃষ্টিপথাৰ’ৰ বেনাৰত নিৰ্মিত ছবিখন ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে যুটীয়াভাৱে প্ৰযোজনা কৰিছে ৷

ছবিখনত অভিনয় কৰিছে পাৰ্থ প্ৰতীম বৰা, শিৱ ৰাণী কলিতা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা, গোপামণি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা, প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আৰু বহুকেইগৰাকী উদীয়মান অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.