ETV Bharat / sitara

মিৰ্জাত গীত পৰিৱেশনৰ মাজতে আউল লাগিল জুবিন গাৰ্গৰ !

মঙলবাৰে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পয়মাল লাগিল ৷ হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত গীত পৰিৱেশন কৰি থকাৰ মাজতে কেবাবাৰো ভুল কৰিলে জুবিন গাৰ্গে ৷ বাৰে বাৰে নিজৰেই গান ভুলকৈ গালে জুবিনে ৷ তাৰ মাজতে দৰ্শকৰ হৰ্ষোল্লাষ ৷

প্ৰতিঘাতত জুবিন গাৰ্গ
author img

By

Published : Nov 6, 2019, 3:16 PM IST

দক্ষিণ কামৰূপ,6 নৱেম্বৰঃ মঙলবাৰে নিশা মিৰ্জাস্থিত নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনত গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে ৷ প্ৰিয় কন্ঠশিল্পী গৰাকীক চাবলৈ ভিৰ কৰে বহুতো লোকে। সমাগম ঘটে বহুতো যুৱক-যুৱতীৰ ৷ সকলোৱে মোবাইলত আবদ্ধ কৰি ৰাখিছে জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ দৃশ্য ৷ কিন্তু গীত পৰিৱেশনৰ মাজতে থমকি ৰৈছে জুবিন গাৰ্গ ৷ গীতৰ মাজত ভুল হৈছে জনপ্ৰিয় সংগীত শিল্পী গৰাকীৰ ৷ পিছে এয়া জুবিন গাৰ্গৰ কোনো পোনপটীয়া সংগীতৰ অনুষ্ঠান নহয় এয়া আছিল এটি গীতৰ দৃশ্যগ্ৰহণহে ৷ অহা ৬ ডিচেম্বৰত ছবি গৃহলৈ আহিবলগীয়া অসমীয়া ছবি 'প্ৰতিঘাত'ৰ শেষৰটো দৃশ্যগ্ৰহণ আছিল এয়া ।

প্ৰতিঘাতত জুবিন গাৰ্গৰ অভিনয়

অহা ৬ ডিচেম্বৰত আহিবলগীয়া ছবিখনৰ শেষৰটো দৃশ্যগ্ৰহণত উপস্থিত আছিল কৰিঅ'গ্ৰাফাৰ পংকজ ইংতি,পৰিচালক অচিন্ত্য শংকৰ,অভিনেত্ৰী অমৃতা গগৈৰ লগতে কলা-কুশলীসকল।ৰোমাঞ্চ,এক্সনৰে ভৰপূৰ ছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিনহা,নলিনী ৰয়ে আৰু পৰিচালনা কৰিছে অচিন্ত্য শংকৰে । ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,দিগন্ত হাজৰিকা,আইমী বৰুৱা,সিদ্ধাৰ্থ শৰ্মা,পদ্মৰাগ গোস্বামী,বিষ্ণু খাৰঘৰীয়াকে ধৰি বহুকেইজন শিল্পীৰ লগতে শিশু শিল্পী আশ্ৰমিকা শইকীয়াই। এই দৃশ্যগ্ৰহণত অমৃতা গগৈও উপস্থিত থাকি সকলোকে প্ৰতিঘাত চাবলৈ অনুৰোধ জনায়। যি কি নহওক 'কাঞ্চনজংঘা', 'ৰত্নাকৰ'ৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ আহিবলগীয়া অসমীয়া ছবি প্ৰতিঘাতক অসমৰ দৰ্শকে কিমান সঁহাৰি জনাব সেয়া ৬ ডিচেম্বৰৰ পিছতহে জানিব পৰা যাব।

লগত চাওকঃ বেঁকীয়ে বেঁকা কৰিলে 300 পৰিয়ালৰ কঁকাল

Intro:নিশা মিৰ্জাত জুবিন গাৰ্গ,কিন্তু এটা গানকে কিয় বাৰ বাৰ গালে কন্ঠশিল্পী জুবিন গাৰ্গে !Body:Vo..নিশা মিৰ্জাত কন্ঠশিল্পী জুবিন গাৰ্গ । মিৰ্জাৰ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনত নিশা উপস্থিত হ'ল জুবিন গাৰ্গ । এক বৃহৎ মঞ্চত জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে পৰিৱেশন কৰিব ধৰিলে এটি গীত । প্ৰিয় কন্ঠশিল্পী গৰাকীক চাবলৈ ভিৰ বহুতো লোকৰ । সমাগম ঘটিছে বহুতো যুৱক-যুৱতীৰো সকলোৱে মোবাইলত আৱদ্ধ কৰি ৰাখিছে জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ কিছু দৃশ্যও । কিন্তু হঠাৎ শুনিবলৈ পোৱা গ'ল 'CUT IT' ৰৈ গ'ল জুবিন
গাৰ্গও । তাৰপিছৰে পৰা জুবিন গাৰ্গৰো কিছু শব্দ মুখত নুফুতা হ'ল কিয়ণো গানতো আছিল একেবাৰে নতুন শব্দৰ ফলত ভুল হৈ গৈ আছিল গানতো যাৰ বাবে শুদ্ধ কৰি এবাৰৰ পিছত এবাৰ পুনৰ গাব ধৰিলে গানতো । এবাৰ দুবাৰ শুদ্ধকৈও গালে কিন্তু এইবাৰ হৈছে খৰতকীয়া পুনৰ আকৌ সেই গীতটোকে পৰিৱেশন কৰাৰ আগমুহুতৰ্ত শুনিবলৈ পোৱা 'Roll, Camera' ৰ কথা । হয়,এয়া আছলতে জুবিন গাৰ্গৰ কোনো পোনপটীয়া গীতৰ অনুষ্ঠান নহয় এয়া আছিল এটি গীতৰ দৃশ্যগ্ৰহন হে । অহা ৬ ডিচেম্বৰত ছবি গৃহলৈ আহিব লগীয়া অসমীয়া ছবি "প্ৰতিঘাত"ৰ শেষৰতটো দৃশ্যগ্ৰহন আছিল এয়া । যোৱানিশা মিৰ্জাস্থিত নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনত শেষৰটো দৃশ্যগ্ৰহনত এনেদৰে দেখা গ'ল জুবিন গাৰ্গক । লগতে সকলোকে 'প্ৰতিঘাত' চাবলৈ আহ্বান জনোৱাৰ লগতে ছবি নিৰ্মাতা সকলোক ভাল ভাল ছবি কৰিবলৈ সুযোগ দিবলৈ অনুৰোধ জনাই ।

Bite1..জুবিন গাৰ্গ ।

অহা ৬ ডিচেম্বৰত আহিবলগীয়া ছবিখনৰ শেষৰতো দৃশ্যগ্ৰহনত উপস্থিত আছিল কৰিঅগ্ৰাফাৰ পংকজ ইংটি,পৰিচালক অচিন্ত শংকৰ,অভিনেত্ৰী অমৃতা গগৈৰ লগতে কলা-কৌশলী সকল । ৰোমাঞ্চ,এক্সনৰে ভৰপূৰ ছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিহ্ণা,নলিনী ৰয়ে আৰু পৰিচালনা কৰিছে অচিন্ত শঙ্কৰে । ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ, দিগন্ত হাজৰিকা, আইমি বৰুৱা,সিদ্ধাৰ্থ শৰ্মা,পদ্মৰাগ গোস্বামী,বিষ্ণু খাৰঘৰীয়াকে ধৰি বহুকেইজন শিল্পীৰ লগতে ৰত্নাকৰৰ সফলতাৰ শিশু শিল্পী আশ্ৰমিকা শইকীয়াও । এই দৃশ্যগ্ৰহনত অমৃতা গগৈও উপস্থিত থাকি সকলোকে প্ৰতিঘাত চাবলৈ অনুৰোধ জনাই ।

Bite2..অমৃতা গগৈ ।

"প্ৰতিঘাত"ৰ প্ৰায়বোৰ দৃশ্যগ্ৰহন সম্পন্ন হৈছিল যদিও এয়া কেৱল জুবিন গাৰ্গৰ বাবেই শেষৰখিনি বাকী আছিল । Conclusion:শেয়া যি কি নহওক "কাঞ্চনজংঘা","ৰত্নাকৰ"ৰ অভুতপুৰ্ব সফলতাৰ পিছত এইবাৰ আহিবলগীয়া অসমীয়া ছবি "প্ৰতিঘাত"ক অসমৰ দৰ্শকে কিমান সহাৰি জনাব সেয়া ৬ ডিচেম্বৰৰ পিছতহে গ'ম পোৱা যাব । আমিও আশা কৰিলো অব্যাহত থাকক অসমীয়া চলচিত্ৰৰ জয়যাত্ৰা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk if possible please make a small package this)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.