ETV Bharat / sitara

অসমীয়া ছবিজগতৰ নতুন সংযোজন 'কানীন'

বিশিষ্ঠ উপন্যাসিক ৰীতা চৌধুৰীৰ এক গল্পৰ আধাৰত নিৰ্মিত ছবিখন শুকুৰবাৰে মুক্তি লাভ কৰিলে অসমৰ মুঠ সোতৰটা ছবিগৃহত

কানীন
author img

By

Published : Mar 22, 2019, 3:59 PM IST

গুৱাহাটী, 22 মাৰ্চঃ অসমীয়া ছবিজগতত নৱতম সংযোজন 'কানীন' নাম চলচ্চিত্ৰৰ৷ বিশিষ্ঠ উপন্যাসিক ৰীতা চৌধুৰীৰ এক গল্পৰ আধাৰত নিৰ্মিত ছবিখন শুকুৰবাৰে মুক্তি লাভ কৰিলে অসমৰ মুঠ সোতৰাটা ছবিগৃহত৷ জেবি প্ৰডাকচন বেনাৰত নিৰ্মাণ হোৱা ছবিখন নাৰীৰ মনস্পৰ্শী এক বিষয়ক লৈ প্ৰস্তুত কৰা হৈছে৷ ঘনশ্যাম কলিতা আৰু ৰৌণাতো হুছেইনে পৰিচালনা কৰা ছবিখন সময় 2 ঘণ্টা 15 মিনিট৷ ছবিখনত অভিনয় কৰিছে ডাঃ জাহানাৰা বেগম, পূৰ্ণিমা শইকীয়া পাঠক, মিণ্টু বাহাৰুল ইছলাম, পাৰ্থ হাজৰিকাকে ধৰি বহুকেইজন ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ আনহাতে, ছবিখনত ছাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ,ৰেকৰ্ড মিক্সিং দেৱজিৎ চাংমাৰ আৰু সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই । এক ব্যতিক্ৰমী চিন্তাধাৰাৰে নিৰ্মাণ কৰা এই ছবিখনে অসমীয়া ছবিজগতলৈ এক অন্য ধাৰা আনিব বুলি আশাবাদী ছবিখনৰ কলা-কুশলী৷

ছবিগৃহত আজি মুক্তি পালে  কানীন নামৰ নৱতম  ছবিখনে। ছবিখনে অসমৰ মুঠ সোতৰটা চিত্ৰগৃহত মুক্তি লাভ কৰিব ৷ বিশিষ্ঠ উপন্যাসিক ৰীতা চৌধুৰীৰ এক গল্পৰ আধাৰত নিৰ্মিত ছবিখনে নাৰীৰ  মনস্পৰ্শী এক  বিষয়ক লৈ নিৰ্মিত কৰিছে জেবি প্ৰডাকচনে ।২ঘণ্টা ১৫ মিনিটৰ ছবিখনৰ চিত্ৰনাট্য লিখিছে মঞ্জুল হাজৰিকাই ৷  পৰিচালনা কৰিছে ঘনশ্যাম কলিতা আৰু ৰৌণাতো হুছেইনে।তেজপুৰ, মালিগাও,বেলতলা,পাণ্ডুত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ডা: জাহানাৰা বেগমে।কানীনত  অভিনয় কৰিছে পূৰ্ণিমা শইকীয়া পাঠক, মিণ্টু বাহাৰুল ইছলাম, , পাৰ্থ হাজৰিকা আৰু বহুতো অভিনয় শিল্পীয়ে।ছবিখনত ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে,ৰেকৰ্ড মিক্সিং কৰিছে দেৱজিৎ চাংমাই আৰু সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই। এক ব্যতিক্ৰমী চিন্তাধাৰাৰে নিৰ্মান কৰা এই ছবিখনে অসমীয়া ছবিজগতলৈ এক অন্য ধাৰা আনিব বুলি সকলো আশাবাদী ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.