ETV Bharat / sitara

8 বছৰ সম্পূৰ্ণ Barfi ৰ

অনুৰাগ বাসু পৰিচালিত ছবি Barfi য়ে সম্পূৰ্ণ কৰিলে 8 টা বছৰ ৷ ছবিখনৰ কাহিনী, সংলাপ, সংগীত, প্ৰস্তুত শৈলী, সৰলতাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ বিশেষকৈ ছবিখনৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকক ধনাত্মক ৰূপত যি ধৰণে দেখুওৱা হৈছে সেয়া নিঃসন্দেহে প্ৰশংসাৰ যোগ্য ৷

author img

By

Published : Sep 14, 2021, 7:38 AM IST

Anurag Basu's Barfi completes 8 years
8 বছৰ সম্পূৰ্ণ কৰিলে ‘Barfi’ ছবিখনে

চিটাৰা ডেস্ক, 14 ছেপ্তেম্বৰ : আজি আঠ বছৰ সম্পূৰ্ণ কৰিলে অনুৰাগ বাসু পৰিচালিত ছবি ‘Barfi’ য়ে ৷ ছবিখনত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু ইলিয়ানা ডিক্ৰুজে ৷ ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছিল ৰূপা গাংগুলী, জীশু সেনগুপ্তা, আশীষ বিদ্যাৰ্থী আৰু সৌৰভ শুক্লাই ৷

Anurag Basu's Barfi completes 8 years
সৌজন্য Google

1970 ৰ পটভূমিত নিৰ্মিত ছবিখনৰ কাহিনীভাগ মাৰ্ফি জনচন (Murphy johnson) ওৰফে Barfi ৰ ওপৰত আধাৰিত ৷ বিশেষভাৱে সক্ষম Barfi য়ে কাণেৰে নুশুনে আৰু কথা ক’ব নোৱাৰে ৷ তাৰ মাজতে Barfi ৰ জীৱনলৈ অহা জিলমিল অৰ্থাৎ প্ৰিয়ংকা যি autism ৰোগত আক্ৰান্ত কেনেকৈ Barfi ৰ জীৱনটো সলনি কৰি দিলে, তাৰ ওপৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে Barfi ছবিখন ৷ ছবিখনত ইলিয়ানাই Barfi ৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক : মুক্তি পালে Shiddat ৰ ট্ৰেইলাৰ

ছবিখনৰ কাহিনী, সংলাপ, সংগীত, প্ৰস্তুত শৈলী, সৰলতাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ বিশেষকৈ ছবিখনৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকক ধনাত্মক ৰূপত যি ধৰণে দেখুওৱা হৈছে, সেয়া নিঃসন্দেহে প্ৰশংসাৰ যোগ্য ৷

Anurag Basu's Barfi completes 8 years
সৌজন্য Google

প্ৰায় 30 কোটি টকাৰ বাজেটৰে প্ৰস্তুত কৰি উলিওৱা ছবিখনে 2012 চনৰ 14 ছেপ্তেম্বৰত মুক্তি লাভ কৰে ৷ ছবিখনে বক্স অফিচত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰু 2012 চনৰ highest-grossing Bollywood film ৰ ভিতৰত এখন হিচাপে বিবেচিত হয় ৷ ইয়াৰ উপৰিও Barfi ছবিখনে 85 সংখ্যক অকাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত ভাৰতৰ official entry আছিল ৷

উল্লেখ্য় যে, ছবিখন 58 সংখ্যক Filmfare Award ৰ 13 টাকৈ শিতানত মনোনীত হৈছিল ৷

লগতে পঢ়ক : শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ'ব বিদ্যুৎ জামৱাল আৰু নন্দিতা মহতানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.