ETV Bharat / sitara

ফিল্ম 'ফুটপ্ৰিণ্ট অন বৰ্ডাৰ'ত অসম সন্তান আদিল হুছেইন

author img

By

Published : Oct 30, 2020, 5:10 PM IST

অলপতে অসম সন্তান আদিল হুছেইনে নিজৰ চিনেমাৰ বাবে বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম সপ্তাহত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৷ আদিল হুছেইনে এই সন্মান প্ৰকাশ ঝাৰ দ্বাৰা পৰিচালিত চিনেমা ' পৰীক্ষা' আৰু অন্য এখন চিনেমা 'নিৰৱানা ইন'ৰ বাবে লাভ কৰিছিল ৷

Adil Hussain bags role in British Indian film Footprints On Water
ফিল্ম 'ফুটপ্ৰিণ্ট অন বৰ্ডাৰ'ত অসম সন্তান আদিল হুছেইন

নিউজ ডেস্ক, 30 অক্টোবৰ: অসম সন্তান তথা ভাৰতৰ এজন জনপ্ৰিয় অভিনেতা আদিল হুছেইনে নিজৰ পৰৱৰ্তী বৃটিছ-ভাৰতীয় চিনেমা 'ফুটপ্ৰিণ্ট অন বৰ্ডাৰ'ত অভিনেতা এণ্টনিও এক্সেলৰ সৈতে কাম কৰিব ৷ ফিল্মখনৰ মূল বিষয়বস্তু ব্ৰিটেইনত এজন অবৈধ অপ্ৰৱাসী পিতৃয়ে নিজৰ হেৰাই যোৱা কন্যাৰ সন্ধান কৰাৰ লগতে সেই সময়ত আৰক্ষীৰ পৰাও বাছি থকাৰ চেষ্টা কৰাৰ ওপৰত নিৰ্মিত ৷

চিনেমাখনত আদিল হুছেইনে সেই পিতৃৰ ভূমিকা পালন কৰিব ৷ চিনেমাখনত মালায়ালম অভিনেত্ৰী নিমিশা সজয়ানে তেওঁৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিব ৷

আনহাতে নথালিয়া ছিয়ামৰ দ্বাৰা পৰিচালিত চিনেমাখনত মালায়ালম অভিনেত্ৰী লীনা কুমাৰীয়েও নিৰুদিষ্ট ছোৱালীৰ মাহীমাকৰ চৰিত্ৰত অভিনয় কৰিছে ৷

উল্লেখ্য যে,অলপতে অসম সন্তান আদিল হুছেইনে নিজৰ চিনেমাৰ বাবে বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম সপ্তাহত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ৷ আদিল হুছেইনে এই সন্মান প্ৰকাশ ঝাৰ দ্বাৰা পৰিচালিত চিনেমা' পৰীক্ষা' আৰু অন্য এখন চিনেমা ' নিৰৱানা ইন' ৰ বাবে লাভ কৰিছিল ৷

লগতে পঢ়ক: কিয় বিখ্যাত "Joseph burn in grace" শীৰ্ষক চিনেমাখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.