ETV Bharat / sitara

অক্ষয় কুমাৰে দিয়া মানহানি গোচৰৰ জাননীৰ বিৰোধিতা ইউ টিউবাৰৰ

author img

By

Published : Nov 21, 2020, 3:21 PM IST

ইউ টিউবাৰ ৰছিদ ছিদ্দিকীয়ে বিৰোধিতা কৰিলে অক্ষয় কুমাৰে বিগত ১৭ নৱেম্বৰত দিয়া মানহানিৰ গোচৰৰ জাননী । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ছুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে ৰছিদ ছিদ্দিকীয়ে মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে অক্ষয়ে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মানহানিৰ গোচৰ ৰুজু কৰি জাননী জাৰি কৰিছিল ।

অক্ষয় কুমাৰে দিয়া ৫০০ কোটিৰ মানহানি গোচৰৰ জাননীৰ বিৰোধিতা ইউ টিউবাৰৰ

চিটাৰা ডেস্ক, ২১ নৱেম্বৰ : অভিনেতা অক্ষয় কুমাৰে ৰুজু কৰা মানহানিৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউটিউবাৰ ৰছিদ ছিদ্দিকীয়ে। ৰছিদে কয় যে, তেওঁ নিজৰ ইউ টিউব চেনেলত প্ৰচাৰ কৰা ভিডিঅ'টোত অপমানজনক কথা একো নাছিল আৰু অক্ষয়ে দাবী কৰা ৫০০ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ অমান্তি হয়। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰস্তুত কৰা এক ভিডিঅ'ত ছুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে ৰছিদ ছিদ্দিকীয়ে মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে অক্ষয়ে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি যোৱা ১৭ নৱেম্বৰত মানহানিৰ গোচৰ ৰুজু কৰে আৰু ছিদ্দিকীলৈ জাননী জাৰি কৰে ।

ইয়াৰ পিছত ছিদ্দিকীয়ে এই জাননী উভতাই ল'বলৈ অক্ষয় কুমাৰক অনুৰোধ জনাইছিল যদিও কোনো ফল নধৰিলে । সম্প্ৰতি আইনী যুঁজ আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে ইউ টিউবাৰগৰাকীয়ে। অক্ষয় কুমাৰে আইনী ফাৰ্ম আই চি লিগেলৰ জৰিয়তে প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছে যে, ছিদ্দিকীয়ে তেওঁৰ ইউ টিউব চেনেল এফএফ নিউজত বহু সন্মান হানি হোৱা, অপমানজনক আৰু অৱমাননাসূচক ভিডিঅ' প্ৰচাৰ কৰিছে। ছিদ্দিকীয়ে শুকুৰবাৰে নিজৰ অধিবক্তা জে পি জয়ছৱালৰ জৰিয়তে প্ৰেৰণ কৰা উত্তৰত কয় যে, অক্ষয় কুমাৰে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ মিছা, ঘৃণনীয়, দমনমূলক আৰু ছিদ্দিকীক অশান্তি দিবলৈ কৰা হৈছে । ইয়াকো কোৱা হৈছে যে, সুশান্তৰ মৃত্যুৰ পিছত ছিদ্দিকীসহ বহু ফ্ৰিলেন্স সাংবাদিকে এই বাতৰি প্ৰকাশ কৰিছিল, কিয়নো বহু প্ৰভাৱশালী লোক সুশান্তৰ মৃত্যুৰে জড়িত হৈ আছিল আৰু আগশাৰীৰ সংবাদ মাধ্যমে সত্য বাতৰি প্ৰকাশ কৰা নাছিল ।

প্ৰত্যেক ভাৰতীয় নাগৰিকৰে নিজৰ মতামত ৰখাৰ অধিকাৰ আছে । ছিদ্দিকীয়ে লগতে কয় যে, এফএফ নিউজত প্ৰকাশিত ভিডিঅ'টোক অপমানজনক বুলি গণ্য কৰিব নোৱাৰি আৰু ইয়াক নিৰপেক্ষ দৃষ্টিভংগীৰে আগবঢ়োৱা মতামত বুলি ধৰা উচিত । চলিত বৰ্ষৰ আগষ্ট মাহত ছিদ্দিকীয়ে এই ভিডিঅ'টো প্ৰকাশ কৰিছিল । অক্ষয়ে বহু পলমকৈ মানহানিৰ গোচৰ কিয় তৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ছিদ্দিকীয়ে । ৫০০ কোটি টকাৰ জৰিমনা অযুক্তিকৰ আৰু অনুচিত বুলি কোৱাৰ লগতে ছিদ্দিকীক দমন কৰাৰ বাবেহে এই গোচৰ ৰুজু কৰা হৈছে বুলি অভিযোগ তোলে । ছিদ্দিকীয়ে অক্ষয় কুমাৰক জাননী উভতাই ল'বলৈ আহ্বান জনাইছে অনথ্যা উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে ।

বিহাৰৰ ইউ টিউবাৰগৰাকীয়ে দাবী কৰিছে যে, অভিনেতাগৰাকীয়ে তেওঁক লক্ষ্য কৰি লৈছে । মুম্বাই আৰক্ষী, মহাৰাষ্ট্ৰ চৰকাৰ আৰু মন্ত্ৰী আদিত্য থাকৰেক অপমান কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়েও ছিদ্দকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে । যোৱা ৩ নৱেম্বৰত স্থানীয় আদালতে ছিদ্দিকীৰ জামিন মঞ্জুৰ কৰে আৰু তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক:ষট পূজাৰ শুভেচ্ছা জ্ঞাপন বলিউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.