নিউজ ডেস্ক, 18 জুনঃ অতি কম সময়ৰ ভিতৰতে বলিউডত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী কিয়াৰা আদৱানীয়ে৷ লক্ষ্মী ব'ম, শ্বেৰশ্বাহ আৰু কবিৰ সিঙৰ দৰে কেইবাখনো আগশাৰীৰ ছবিৰ শ্বুটিং তথা প্ৰচাৰৰ কামত বৰ্তমান ব্যস্ত হৈ আছে অভিনেত্ৰী গৰাকীয়ে ৷ এই ব্যস্ততাৰ সমান্তৰালকৈ এইবাৰ অভিনেত্ৰী গৰাকী সাজু হৈ উঠিছে হাস্যমধুৰ নাৰীকেন্দ্ৰীক ছবি "ইন্দু কী জৱানী" ৰ বাবে ৷ উল্লেখ্য যে, 21 জুনত ছবিগৃহলৈ আহিব কিয়াৰা আদৱানী অভিনীত বহু প্ৰত্যাশিত ছবি "কবিৰ সিং" আৰু সকলো দৰ্শকৰ লগতে অভিনেত্ৰী গৰাকীও অধীৰ আগ্ৰহেৰে বাট চাই আছে ছবিখনৰ মু্ক্তিৰ বাবে ৷
Emmay Entertainment ৰ নতুন ছবি "ইন্দু কী জৱানী"ৰ পৰিচালনা মনিষা আদৱানী, মধু ভ'জৱানী আৰু নিখিল আদৱানী আৰু সহকাৰী পৰিচালনা নিৰাঞ্জনা আয়েংগাৰ আৰু ৰিয়ান ষ্টিফেনৰ ৷ এই ছবিৰ জৰিয়তেই বলিউডত প্ৰথম খোজ পেলাব বঙালী ছবিৰ নিৰ্মাতা তথা লিখক আবিৰ সেনগুপ্তাই ৷ হাস্যমধুৰ ছবিখনত কিয়াৰাক গাজিয়াবাদৰ ইন্দু গুপ্তা নামৰ এক চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷ চলিত বৰ্ষৰ ছেপ্তেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ'ব লগা এই ছবিয়েই হ'ব কিয়াৰা আদৱানীয়ে অভিনয় কৰা প্ৰথমখন নাৰী কেন্দ্ৰীক ছবি ৷
লগতে পঢ়কঃ ৰাজকুমাৰ ৰাওৰ নতুন ছবি "ৰুহী আফজা"