স্প’ৰ্টছ ডেস্ক, 19 জুন : অভিনেত্ৰী তথা চলচিত্ৰ প্ৰযোজক অনুষ্কা শৰ্মা (Anushka Sharma) ই শনিবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মেচখনৰ এখন ফটো শ্বেয়াৰ কৰে ৷ অনুষ্কা (Anushka Sharma)ই স্বামী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু পাঁচমহীয়া কন্যা ভমিকা কোহলীৰ সৈতে ইংলেণ্ডৰ চাউদাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেল মেচখন উপভোগ কৰিবলৈ গৈছে ৷ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত মেচখনৰ টছৰ এখন ফটো শ্বেয়াৰ কৰে ৷ অনুষ্কা (Anushka Sharma)ই ফটোখনৰ তলত "আজি শোৱনি কোঠাৰ বেলকনিৰ পৰা টছ" বুলি এটা কেপছন দি ফটোখন শ্বেয়াৰ কৰে ।
টেষ্ট মেচৰ ৱৰ্ল্ড কাপ হিচাপে অভিহিত কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (World Test Championship final) ত ক্ৰিকেটৰ শীৰ্ষস্থানৰ দুটা দল ভাৰত আৰু নিউজিলেণ্ড ৷ দুয়ো দলৰ নেতৃত্ব বহন কৰিছে ক্ৰমে বিৰাট কোহলী (Virat Kohli) আৰু কেন উইলিয়ামছনে (Kane Williamson) । নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক : WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড