চিটাৰা ডেস্ক, 8 মাৰ্চ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বলীউড চুপাষ্টাৰ অজয় দেৱগণে তেওঁৰ জীৱনৰ বিশেষ নাৰী সকললৈ বুলি উদ্দেশ্যি দিলে এটা পোষ্ট ( Ajay Devgn womens day message) ৷ নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে নিজৰ মাতৃ, ভগ্নী, পত্নী আৰু জীয়কলৈ নাৰী দিৱসৰ শুভেচ্ছা জনালে অভিনেতাজনে ( Ajay Devgn on Womens Day 2022) ৷
অজয় দেৱগণে নিজকে অজয় দেৱগণ বুলি পৰিচয় নিদি বীণাৰ সন্তান, ভগ্নীদ্বয় ক্ৰমে কবিতা আৰু নীলমৰ ভাতৃ, কাজলৰ স্বামী আৰু নাইছাৰ পিতৃ হিচাপে নিজৰ পৰিচয় দিয়ে ৷ "মোক আটাইতকৈ বিশেষধৰণেৰে গঢ় দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। #internationalwomensday," পোষ্টটোৰ কেপচনত এইদৰে লিখে অজয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অনুৰাগীৰ প্ৰশংসাৰে ভৰি পৰে অজয় দেৱগণৰ পোষ্টটো ৷ কেৱল মাত্ৰ এজন সৎ মানুহে এনেকুৱা কৰিব পাৰে, এজন অনুৰাগীয়ে এইদৰে মত প্ৰকাশ কৰিলে ৷
8মাৰ্চৰ দিনটো সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলৰ প্ৰাপ্তি উদযাপনৰ অৰ্থে সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় ৷
লগতে পঢ়ক: Women's Day 2022 : চলচিত্ৰ উদ্যোগত মহিলাৰ চৰিত্ৰক গুৰুত্ব মাধুৰী দীক্ষিত-নীনা গুপ্তাৰ