ETV Bharat / sitara

নেপ'টিজমৰ বলি হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

আউটচাইডাৰ হোৱাৰ বাবে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ হাতৰ পৰা ছবি কাঢ়ি লৈ যোৱা হৈছিল ৷ গ্ল'বেল আইকন গৰাকীক প্ৰথম অৱস্থাত গ্ৰহণ কৰা হোৱা নাছিল বলীউড ইণ্ডাষ্ট্ৰীত ৷ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে বলীউডৰ নেপ'টিজম অৰ্থাৎ ভাই-ভতিজাবাদৰ বলি হৈছিল অভিনেত্ৰী গৰাকী ৷

author img

By

Published : Jun 30, 2020, 4:21 PM IST

When Priyanka Chopra revealed she had to brave nepotism in Bollywood
নেপ'টিজমৰ বলি হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক,30জুনঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পুনৰবাৰ সৰৱ চৰ্চা বলীউড জগতৰ নেপ'টিজম অৰ্থাৎ ভাই-ভতিজাবাদৰ ওপৰত ৷ এইবাৰ কেৱল তাৰকাৰ মাজতে এই চৰ্চা নাথাকিল, এই চৰ্চা চলিছে অনুৰাগীৰ মাজত ৷ সুশান্তৰ অনুৰাগীসকলে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈ আৰম্ভ কৰিছে বাদ-বিবাদৰ ৷ বহু অনুৰাগীৰ অনুভৱ বলীউডত অন্যায় হৈছে আউটচাইডাৰ প্ৰতিভাসমূহৰ ক্ষেত্ৰত ৷

এই ঘটনাৰ পিছতে এনেকুৱা বহু চেলিব্ৰেটী আগবাঢ়ি আহিল যি সকলে ছবি জগতত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত নেপ'টিজমৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ বলীউডৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ কথাও পোহৰলৈ আহিছে ৷ তেওঁৰ এটা পুৰণি সাক্ষাৎকাৰ ভিডিঅ' ভাইৰেল হৈছে ৷ য'ত অভিনেত্ৰী গৰাকীয়ে নিজৰ লগত হোৱা এনে এটা ঘটনাই উল্লেখ কৰিছিল ৷ তেওঁ এনে এটা ঘটনাৰ কথা উল্লেখ কৰিছিল য'ত তেওঁৰ হাতৰ পৰা বহুকেইখন ছবি কাঢ়ি লৈ দি দিয়া হৈছিল আন অভিনেত্ৰীক ৷

পুৰণি ভিডিঅ'টোত স্পষ্টকৈ অভিনেত্ৰী গৰাকীয়ে নেপ'টিজমৰ ওপৰত মাত মতা পৰিলক্ষিত হৈছে ৷

অভিনেত্ৰী গৰাকীয়ে কৈছিল, "নেপ'টিজম আৰু বলীউড লগে লগে চলে ৷ কিন্তু যোৱা কেইটামান বছৰত বহুকেইজন এনেকুৱা অভিনেতা পোহৰলৈ আহিছে যি কেইজনে এই ব্যৱস্থা ভংগ কৰাত সফল হৈছে আৰু নিজৰ পৃথক পৰিচয় গঢ়িছে আৰু মইও সেইটোৱে চেষ্টা কৰি আছো ৷"

লগতে কৈছিল," মোৰ বাবে এইটো যথেষ্ট টান আছিল, মই ইয়াত কাকো জনা নাছিলো ৷ যেতিয়া মই ইয়াত ভৰি থৈছো তেতিয়া সকলোৱে ইয়াত এজন আনজনৰ বন্ধু আছিল ৷ মই নেটৱৰ্কিং বনোৱাত ভাল নাছিলো , পাৰ্টী বিলাকলৈ মই যোৱা নাছিলো সেইকাৰণে মোৰ কাৰণে কথাবোৰ কঠিন হৈ পৰিছিল ৷ মই এই সত্যক স্বীকাৰ কৰিবলৈ ল'লো আৰু সিদ্ধান্ত ল'লো যে মই এইবিলাকলৈ ভয় কৰিব নালাগিব ৷ "

লগতে পঢ়কঃএসময়ৰ অভিনেতা আজি পাচলি বিক্ৰেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.