চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী : কৰ্ণাটকৰ এখন শিক্ষানুষ্ঠানত এগৰাকী ছাত্ৰীক বোৰ্খা পৰিধান কৰি শ্ৰেণীকোঠাত সোমাবলৈ নিদিয়াক লৈ দেশত এতিয়া চলি আছে বোৰ্খা বিতৰ্ক ৷ এই সন্দৰ্ভত সোমবাৰে ৰায়দান দিব আদালতে ৷
আমি আপোনালোকলৈ আগবঢ়াইছো বোৰ্খা পিন্ধি বলীউডৰ অভিনেত্ৰী সকলে কি কি চৰিত্ৰ ৰূপায়ন কৰিছিল...
দীপিকা পাডুকন
বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে শ্বাহৰুখ খানৰ বিপৰীতে ওম শান্তি ওম (2007) ৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ ছবিখনত শ্বাহৰুখক মনে মনে লগ কৰিবলৈ যোৱাৰ পৰত দীপিকাই বোৰ্খা পৰিধান কৰিছিল ৷
আলিয়া ভাট
ৰাজী আৰু গলী বয়ত মুছলমান যুৱতীৰ ৰূপত আলিয়াই বোৰ্খা পৰিধান কৰিছিল ৷
দিয়া মিৰ্জা
ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত কাফিৰ চিৰিজটোত দিয়া মিৰ্জাই বোৰ্খা পিন্ধিছিল ৷
বিদ্যা বালন
ওৱানচ্ আপন এ টাইম ইন মুম্বাই দোৱাৰা ত কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰা বিদ্যা বালনে ছবিখনৰ এটা গানত বোৰ্খা পিন্ধিছিল ৷
কেটৰিণা কাইফ
মেৰে ব্ৰাডাৰ কি দুল্হন আৰু এক থা টাইগাৰত বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণাই বোৰ্খা পৰিধান কৰিছিল ৷
প্ৰিয়ংকা চোপ্ৰা
দেশী গাৰ্ল প্ৰিয়ংকাই সাত খুন মাফত পৰিধান কৰিছিল বোৰ্খা ৷
শ্ৰদ্ধা কাপুৰ
হাসীনা পাৰকৰ ত শ্ৰদ্ধাই ডাউদ ইব্ৰাহিমৰ ভনীয়েকৰ চৰিত্ৰ ৰূপায়ন কৰোতে বোৰ্খা আৰু হিজাব পৰিধান কৰিছিল ৷
টাবু
শ্বাহিদ কাপুৰ অভিনীত হাইদৰ ত টাবুৱে পৰিধান কৰিছিল বোৰ্খা ৷