ETV Bharat / sitara

পিতৃ মহেশ ভাট্টে দূৰ কৰিলে আলিয়াৰ আটাইতকৈ ডাঙৰ ভয় !

author img

By

Published : May 7, 2020, 5:44 PM IST

মহেশ ভাট্টে সকলো কথাই প্ৰেক্টিকেলি গ্ৰহণ কৰে আৰু ভাট্টৰ পৰিয়ালটো সেই গুণ আছে ৷ বৰ্তমান তেওঁৰ কনিষ্ঠ জীয়ৰী আলিয়াও উত্তৰসূৰী হিচাপে আগবাঢ়ি গৈছে ছবি উদ্যোগটোত ৷ কিন্তু এনেকুৱা এক সময় আছিল যেতিয়া অভিনেত্ৰী গৰাকীয়ে ভয় কৰিছিল যে মানুহে তেওঁক কেনেকৈ গ্ৰহণ কৰিব ৷ সেই সময়ত ছবি নিৰ্মাতা পিতৃয়ে দূৰ কৰিছিল আলিয়াৰ মনৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ ভয়টো ৷

When dad Mahesh Bhatt made Alia Bhatt look fear in the face
পিতৃ মহেশ ভাট্টে দূৰ কৰিলে আলিয়াৰ আটাইতকৈ ডাঙৰ ভয় !

চিটাৰা ডেস্ক,7 মে' ঃ জনপ্ৰিয় অভিনেত্ৰী আলিয়াই সদায়েই উল্লেখ কৰি আহিছে যে, আলিয়াক যেতিয়াই যি বস্তুৰ প্ৰয়োজন হয় তেতিয়াই পিতৃয়ে সেই বস্তুটোৱে আনি দিয়ে ৷ অভিনেত্ৰী গৰাকীয়ে মুকলিকৈ প্ৰকাশ কৰিছে যে তেওঁৰ আটাইতকৈ ডাঙৰ ভয়টো দূৰ কৰিলে পিতৃয়ে ৷ চন 2012ত ষ্টুডেন্ট অফ দ্য ইয়েৰ জৰিয়তে বলীউডত পদাৰ্পণ কৰিছিল আলিয়া ভাট্টে ৷

যদিও আলিয়াই ছবি জগতৰ লগত জড়িত এক বিখ্যাত পৰিয়ালৰ পৰাই আহিছে তথাপিও এই ক্ষেত্ৰত তেওঁৰ মনত বহুত শংকা আছিল ৷ নিজৰ প্ৰথমখন ছবিৰ পূৰ্বে , অভিনেত্ৰী গৰাকীৰ বয়স আছিল 20 বছৰ ৷ সেই সময়ত আলিয়া যথেষ্ট শংকাত ভুগিছিল ৷ এটা টি.ভি শ্ব'ৰ জৰিয়তে আলিয়াই প্ৰকাশ কৰে যে, কেনেকৈ এই শংকাৰ পৰা তেওঁ মুক্তি লাভ কৰিলে ৷

অভিনেত্ৰীগৰাকীয়ে প্ৰথম ছবিখনত দৰ্শকৰ পৰা কেনেকুৱা প্ৰতিক্ৰিয়া পাব সেয়া চিন্তা কৰি যথেষ্ট ভয় খাই আছিল ৷ অভিনেত্ৰীগৰাকীয়ে সেয়ে দেউতাকলৈ ফোন কৰিছিল আৰু তেতিয়া দেউতাক মহেশ ভাট্টে আলিয়াক নিজৰ অফিচলৈ মাতি পঠিয়াইছিল ৷

দেউতাকে অফিচত কন্যা পূজা ভাট্ট আৰু অভিনেতা ইমৰাণ হাছমীৰ সৈতে কথা পাতি আছিল ৷ তেনেকুৱাতে আলিয়াক সকলোৰে আগতে নিজৰ মনৰ কথা সুধিলে পিতৃয়ে ৷

তাৰ পিছত আৰু কি ? তেতিয়াৰ পৰাই সকলো থিক হৈ গ'ল ৷ তেতিয়াৰ পৰা অভিনেত্ৰীগৰাকীয়ে আজিলৈকে পিছলৈ ঘূৰি চাব লগা অৱস্থা হোৱা নাই ৷

জনাই থওঁ যে, আলিয়াই বৰ্তমান প্ৰথমবাৰৰ বাবে দেউতাকৰ ছবি চড়ক-2 ত অভিনয় কৰিব ৷ 1991 চনৰ ছবি চড়ক ৰ চিকুৱেল হিচাপে চড়ক-2 নিৰ্মাণ কৰিবলৈ সাজু ছবি নিৰ্মাতা মহেশ ভাট্ট ৷ আলিয়াৰ উপৰিও ছবিখনত মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব পূজা, সঞ্জয় আৰু আদিত্য ৰয় কাপুৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.