ETV Bharat / sitara

নেপোটিজম সৰ্বত্ৰে বিদ্যমানঃ হিনা খান

টেলিভিছন জগতত সফলতা লাভ কৰাৰ পাচত বলীউড আৰু ডিজিটেল ক্ষেত্ৰত প্ৰৱেশ কৰা অভিনেত্ৰী হিনা খানে কয়, সৰু পৰ্দাৰ প্ৰতিভাই বলীউডত সুযোগ নাপায় ৷

What we outsiders want is little bit of respect and recognition: Hina Khan

author img

By

Published : Jul 8, 2020, 12:53 PM IST

নেশ্যনেল ডেস্ক, 9 জুলাইঃ টেলিভিছন ধাৰাবাহিক 'য়ে ৰিস্তা ক্যা কেহলাতা হ্যে'ৰ পৰা বলীউড আৰু ডিজিটেল জগতত খোজ দিয়ালৈকে 8 বছৰ সময়, অভিনেত্ৰী হিনা খানে মনোৰঞ্জন জগতত নিজৰ এক স্থান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ মতে,টিভিৰ তাৰকাৰ বাবে বোলছবি জগতত ডাঙৰ কোনো কাৰ্য কৰি দেখুওৱাটো কোনো সহজ কথা নহয় ৷

অভিনেত্ৰী হিনা খান
অভিনেত্ৰী হিনা খান

"আমাৰ মাজত আছে সমতাৰ অভাৱ ৷ নেপোটিজম সৰ্বত্ৰে বিদ্যমান আৰু ই আমাৰ এই শিল্পৰ ক্ষেত্ৰতো বিদ্যমান ৷ আপুনি যদি এগৰাকী তাৰকা আৰু আপুনি আপোনাৰ সন্তানক তাৰকা হিচাপে গঢ় দিবলৈ মন কৰিছে তেন্তে সিমানলৈ ঠিকেই আছে ৷ কিন্তু সেইটো গ্ৰহণযোগ্য কথা নহয়, যদিহে আপুনি সমানেই সুযোগ বাহিৰৰ লোকসকলক নিদিয়ে ৷ টিভিৰ তাৰকা সকলে কেতিয়াবাহে বলীউডত কোনো ডাঙৰ কাম কৰি দেখুৱাব পাৰে,কিয়নো তেওঁলোকে সুযোগ খুব কম পায় ৷ অন্ততঃ টিভি তাৰকাসকলক নিজকে প্ৰমাণ কৰি দেখুৱাবলৈ এটা সুযোগ দিয়ক" বুলি হিনা খানে মন্তব্য কৰে ৷

"সুশান্ত সিং ৰাজপুতৰ যাত্ৰাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল ৷ মই তেওঁৰ বহু কথাই মন কৰিছিলো ৷ তেওঁ নিজক কঠোৰ অধ্যৱসায়েৰে ভাৰতীয় বোলছবি জগতত এটা স্থান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল ৷ আমাৰ দৰে বাহিৰৰ মানুহবোৰৰ কোনো গডফাডাৰ নাই ৷ আমি কেৱল সামান্য সন্মান আৰু স্বীকৃতিহে বিচাৰো ৷ সেয়ে তেওঁলোকে এই ক্ষেত্ৰত এটি সামান্য ভাৰসাম্যতা বজাই ৰখাটো উচিত" বুলি তেওঁ কয় ৷

এবছৰ পূৰ্বে কেনছ্ ফিল্ম ফেষ্টিভেলত যেতিয়া তেওঁ আত্মপ্ৰকাশৰ বাবে গৈছিল,তেতিয়া তেওঁক ভাৰতীয় ডিজাইনাৰ সকলে কেনেকৈ চাইছিল সেই কথাও তেওঁ স্মৰণ কৰে ৷

"মই বুজি নাপাও ভাৰতীয় সকলে কিয় তেনেদৰে টিভিৰ অভিনেতাসকললৈ চায় ৷ মোৰ এতিয়াও মনত আছে কেনেদনে আন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰসকলে আমাৰ ভাৰতীয় ডিজাইনাৰ সকলৰ সলনি মোক সহায় কৰিছিল কেনছৰ অভিষেকৰ সময়ত ৷ পশ্চিমীয়া দেশসমূহত টিভি অভিনেতা সকলক বিশেষ মৰ্যদা প্ৰদান কৰা হয়,কিন্তু ভাৰতত ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷ বহু লোকে ইয়াত আমাৰ সৈতে কাম কৰিব নিবিচাৰে ৷ মই ইয়াৰ আঁৰৰ কাৰণ এতিয়াও বুজি নাপাও ৷ আমি তেওঁলোকৰ তলত নে আমাৰ প্ৰতিভা কম ? মোৰ আশা আমাৰ এই উদ্যাগত সকলোবোৰ যিমানেই পাৰে সোনকালে সলনি হৈ যাব ৷" এনেদৰে হিনাই জোৰ দি কয় ৷

হিনাই কয়, প্ৰতিভাশালী শিল্পীসকলক তেওঁলোকৰ মাধ্যম নিৰ্বিশেষে প্ৰশংসা কৰাৰ এইয়াই উচিত সময় ৷

লগতে পঢ়কঃ দিল বেচাৰাই মুক্তিৰ পূৰ্বে ভাঙিলে চুপাৰহিট হলীউড ছবিৰ ৰেকৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.