ETV Bharat / sitara

কাৰ্তিক আৰিয়ান এখন ফটোৱে লগাইছে তোলপাৰ

author img

By

Published : Jun 18, 2021, 7:09 PM IST

"Kitna sexy dikh raha hoon (how sexy do I look)??" ছ’চিয়েল মিডিয়াযোগে এইদৰে প্ৰশ্ন কৰি অনুৰাগীসকলৰ মাজত পুনৰ চৰ্চিত হৈ পৰিছে কাৰ্তিক আৰিয়ান (Kartik Aaryan) ৷ টুইটাৰ আৰু ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁৰ আগন্তুক পৰিকল্পনা সম্পৰ্কে অনুমান কৰিবলৈ কয় কাৰ্তিকে ৷

Kartik Aaryan shares photo
কাৰ্তিক আৰিয়ানৰ ফটো শ্বেয়াৰ

চিটাৰা ডেস্ক,18 জুন : বলীউড হাৰ্টথ্ৰ’ব (Bollywood Heartthrob) খ্যাত কাৰ্তিক আৰিয়ান (Kartik Aaryan)য়ে অনুৰাগীৰ বাবে লৈ আহিছে এক সুখবৰ ৷ ছ’চিয়েল মিডিয়াযোগে এখন ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁৰ আগন্তুক পৰিকল্পনা সম্পৰ্কে অনুমান কৰিবলৈ কয় অভিনেতাগৰাকীয়ে ৷

কাৰ্তিকে টুইটাৰ আৰু ইনষ্টাগ্ৰামযোগে "20.06.21" লিখা এখন ফটো শ্বেয়াৰ কৰে ৷ কিবা বিশেষ নতুন আহি থকা বুলি উল্লেখ কৰি অনুৰাগীসকলক ইয়াৰ অনুমান কৰিবলৈ আহ্বান জনায় কাৰ্তিকে ৷ ইয়াৰ পাচতে কাৰ্তিকৰ অসংখ্য অনুৰাগীয়ে অনুমান বিচাৰি ফটোখনত কমেণ্ট কৰিবলৈ আৰম্ভ কৰে ৷

Aa raha hai kuch ALAG SA 🥷🏻
Take a Guess… 🔥 pic.twitter.com/hcGjWoLExu

— Kartik Aaryan (@TheAaryanKartik) June 18, 2021

কিছুসংখ্যক দৰ্শকে অনুমান কৰা অনুসৰি, কাৰ্তিকৰ এই ফটোখন তেওঁৰ আহিবলগীয়া থ্ৰিলাৰ ছবিৰ হ’ব পাৰে ৷ আনহাতে অন্য কিছুমানে ফটোখন এটি বিজ্ঞাপন বুলি অনুমান কৰে ৷ এই ফটোখনক লৈ কাৰ্তিকেও লুকা-ভাকু খেলি মনোৰঞ্জন লাভ কৰিছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ কাৰ্তিকৰ বাবে আহিবলগীয়া কৰণ জোহৰ পৰিচালিত ‘দোস্তানা 2’ (Dostana 2) ছবিখনে চৰ্চা লাভ কৰিছিল ৷ বলীউডত কম সময়ৰ ভিতৰতে সফলতা লাভ কৰা কাৰ্তিকে অন্য বহু পৰিকল্পনাৰ লগতে ছবি নিৰ্মাতা হন্সল মেহতা (Hansal Mehta)ৰ আগন্তুক ছবিত মুখ্য ভূমিকা ৰূপায়ণ কৰিব ৷ বৰ্তমান কাৰ্তিকে ভূল ভূলেইয়া 2 (Bhool Bhulaiyaa 2)ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে, যিখন ছবি অ’টিটি (OTT) প্লেটফৰ্মত মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক : ৰবিজিতা-জিৰছং থিয়েটাৰ আৰু এজাক শিশু...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.