ETV Bharat / sitara

WATCH: 'শ্বেৰণী' সন্দৰ্ভত কি ক’লে বিদ্যা বালানে ?

author img

By

Published : Jun 19, 2021, 6:05 PM IST

Netflix ত মুক্তি লাভ কৰা কৰা 'শ্বেৰণী'(Sherni) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী বিদ্যা বালানে । তেওঁ কৈছে যে, এগৰাকী বন বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰাতো তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল ।

'শ্বেৰণী'ত ৰূপায়ণ কৰা বন বিষয়াৰ চৰিত্ৰক কঠিন চৰিত্ৰ আখ্যা দিলে বিদ্যা বালানে

চিটাৰা ডেস্ক, ১৯ জুন : 'শ্বেৰণী'(Sherni) ত বন বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰাতো প্ৰত্যাহ্বান আছিল অভিনেত্ৰী বিদ্যা বালান(Vidya Balan) ৰ বাবে । শেহতীয়াকৈ Netflix ত মুক্তি লাভ কৰা কৰা ছবিখন সন্দৰ্ভত মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে । 'শ্বেৰণী'ত বিদ্যাই ভিনচেণ্ট নামৰ এগৰাকী বন বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যি বনগাঁৱত ত্ৰাসৰ সৃষ্টি কৰা এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰে । বিদ্যাই কয় যে, এয়া কেৱল জংঘলক উপস্থাপন কৰা কাহিনী নহয়, ছবিখনৰ কাহিনী মূলতঃ জংঘলক লৈয়ে লিখা হৈছে ।

WATCH: 'শ্বেৰণী' সন্দৰ্ভত কি ক’লে বিদ্যা বালানে ?

ছবিখনৰ চৰিত্ৰ ভিনচেণ্ট জংঘলৰ, বনৰীয়া জন্তুৰ ৰক্ষকৰ দৰে । কাৰণ তেওঁ বন বিভাগত কৰ্মৰত । বিদ্যা বালানে কয় যে, যদিও তেওঁৰ চৰিত্ৰটো "নিষ্ক্ৰিয়" হিচাপে উপস্থাপন কৰা হৈছে, তথাপিও তেওঁৰ চৰিত্ৰটো যথেষ্ট শক্তিশালী । তেওঁ কয় যে, তেওঁ এই চৰিত্ৰটোত অভিনয় কৰি উপলব্ধি কৰিছে যে, মহিলা হৈও এনে ধৰণৰ কাম অতি দক্ষতাৰে কৰিব পৰা যায় ।

ছবিখনৰ চৰিত্ৰ ভিনচেণ্ট হৈছে এনে এগৰাকী মহিলা, যি পৃথিৱীৰ আন লোকৰ সৈতে সততে সম্পৰ্ক বঢ়াব নিবিচাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গতিকে অৰণ্যখন তেওঁৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল । বিদ্যা ভিনচেণ্ট হৈছে এগৰাকী সুদক্ষ, কৰ্তব্যপৰায়ণ বন বিষয়া যাৰ ৯ বছৰে পদোন্নতি হোৱা নাই । বিদ্যাই কয় যে, তেওঁ সাধাৰণতে বহুত কথা কয় আৰু চৰিত্ৰটো ৰূপায়ণ কৰোতে তেওঁ কথা বেছি কোৱা অভ্যাসটো সলনি কৰিবলগাত পৰিছিল । ক'ভিড-১৯ ৰ প্ৰট'কল মানি চলি ছবিখনৰ দৃশ্য়গ্ৰহণ কৰা হৈছিল ।

দৃশ্যগ্ৰহণ চলি থকা অৱস্থাত কেইবাবাৰো ক'ভিড পৰীক্ষা কৰাইছিল বিদ্যাই । যোৱা ১৮ জুনত ২৪০ খনৰো অধিক দেশত 'শ্বেৰণী'ৰ প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হৈছিল । উল্লেখ্য যে, 'শ্লাইচ অৱ লাইফ' ছবিত অভিনয় কৰিছিল বিদ্যা বালানে, যাৰ বাবে ইতিমধ্যে ছবিখনৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ছবিখনত 'স্কেম-১৯৯২'(Scam-1992) ৰ অভিনেতা প্ৰতীক গান্ধীৰ বিপৰীতে অভিনয় কৰিব বিদ্যাই ।

লগতে পঢ়ক: বিদ্যা বালানৰ সৈতে নতুন ছবিত প্ৰতীক গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.