ETV Bharat / sitara

অ’টিটি প্লেটফ’ৰ্মৰ পাচত ছবিগৃহলৈ আহি আছে ‘পিএম নৰেন্দ্ৰ মোদী’

author img

By

Published : Oct 10, 2020, 7:31 PM IST

2019 বৰ্ষৰ 24 মে’ত অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰাৰ পাচত অহা 15 অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব অভিনেতা বিবেক অ’বেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিক ‘পিএম নৰেন্দ্ৰ মোদী’ ৷ ছবি সমালোচক তৰণ আদৰ্শে টুইটাৰযোগে ছবিখনৰ পুনঃমুক্তি সম্পৰ্কে জানিবলৈ দিয়ে ৷

Vivek Oberoi-starrer Modi biopic first film to hit theatres after halls reopen
অ’টিটি প্লেটফ’ৰ্মৰ পাচত ছবিগৃহলৈ আহি আছে ‘পিএম নৰেন্দ্ৰ মোদী’

চিটাৰা ডেস্ক,10 অক্টোবৰ: অহা 15 অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব অভিনেতা বিবেক অ’বেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিক ‘পিএম নৰেন্দ্ৰ মোদী’ ৷ কৰ’ণা মহামাৰীৰ পাচত পুনৰ ছবিগৃহ মুকলি হোৱাৰ পাচত ছবি নিৰ্মাতাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

2019 বৰ্ষৰ 24 মে’ত এই ছবিখন অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰিছিল ৷ ছবি সমালোচক তৰণ আদৰ্শে টুইটাৰযোগে ছবিখনৰ পুনঃমুক্তি সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

ছবিখনত বিবেকৰ উপৰিও অভিনয় কৰিছে বোমন ইৰাণী,মনোজ যোশী,প্ৰশান্ত নাৰায়ণ,বৰ্ষা বিষ্ট,ৰাজেন্দ্ৰ গুপ্তা আৰু জেৰিনা ৱাহবে ৷ ছবি পৰিচালক সন্দীপ সিং,আনন্দ পণ্ডিত আৰু সুৰেশ অ’বেৰয়ৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবিখনত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱন যাত্ৰা দৃশ্যাংকণ কৰা হৈছে ৷

লগতে পঢ়ক: এইবাৰ পায়েল ঘোষৰ বিৰুদ্ধে মানহানি গোচৰ ৰিচা চাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.