ETV Bharat / sitara

যেতিয়া আপুনি এৱাৰ্ড লাভ কৰে, তেতিয়া সকলো ভাল লাগেঃ বিদ্যা বালান

author img

By

Published : Feb 3, 2020, 4:04 PM IST

ফিল্মফেয়াৰ এৱাৰ্ড 2020 ৰ 65সংখ্যক সংস্কৰণৰ প্ৰম'চনেল ইভেন্টত অংশ গ্ৰহণ কৰি অভিনেত্ৰী বিদ্যা বালানে এনেদৰে ফিল্মফেয়াৰ এৱাৰ্ডকলৈ প্ৰকাশ কৰিলে নিজৰ অনুভৱ .....

Vidya Balan
বিদ্যা বালন

মুম্বাই, 3 ফেব্ৰুৱাৰীঃ অভিনেত্ৰী বিদ্যা বালান, যি নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ বলীউডৰ এক জনপ্ৰিয় পুৰস্কাৰ সমাৰোহ ফিল্মফেয়াৰ এৱাৰ্ড 2020ৰ প্ৰম'চনেল ইভেন্টত অংশ গ্ৰহণ কৰি অভিনেত্ৰী বিদ্যা বালানে বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰকাশ কৰিলে নিজৰ অনুভৱ ৷ অভিনেত্ৰীগৰাকীয়ে জনালে যে, যেতিয়া কোনো শিল্পীয়ে বঁটা লাভ কৰে, তেতিয়া সকলো ভাল লাগে ৷
লগতে তেওঁ কয়, "এয়া এক বিশেষ অনুভৱ ৷ সকলোতকৈ প্ৰথমে ফিল্মফেয়াৰ এৱাৰ্ডৰ স্মাৰকটো নিজৰ মাজতে বহুত বেছি ধুনীয়া ৷ এইয়া দৰ্শক আৰু উদ্যোগটোৰ মৰম আৰু প্ৰশংসাৰ প্ৰতীক ৷ সেইকাৰণে এয়া মোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷"

"মই ভাবো যে, প্ৰতিগৰাকী ভাৰতীয় অভিনেতা-অভিনেত্ৰী ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰাটো এটা সপোন ৷ মোৰ বাবেও এয়া সপোন আছিল ৷ মই তিনিবছৰ ধৰি সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰিছো আৰু এটা বৰ্ষত মই সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিটিক্স এৱাৰ্ড লাভ কৰিছোঁ ৷ চাৰিবাৰকৈ এনেদৰে ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰি মই নিজকে প্ৰশ্ন কৰিছোঁ, এইটো কেনেকৈ হ'ব পাৰে ৷ যেতিয়া মই প্ৰথমবাৰ সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰিছিলো, তেতিয়া মোৰ এনে লাগিছিল যে মই পাগল হৈ যাম ৷ তাৰ পিছত ক্ৰমে মই চাৰি বছৰ জুৰি এৱাৰ্ড লাভ কৰিলোঁ ৷ মোৰ নিজৰে বিশ্বাস হোৱা নাছিল ৷" এইদৰে ফিল্মফেয়াৰ এৱাৰ্ডক লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে ৷

এইখিনিতে জনাই থওঁ যে, বিদ্যা বালানে পা (2010 ) , ইছকিয়া (2011) ,দ্য দাৰ্টি পিকচাৰ (2012) ,কাহানী(2013)ত দুৰ্দান্ত অভিনয়ৰ বাবে চাৰিবাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, এই বৰ্ষৰ 15 ফেব্ৰুৱাৰী তাৰিখে অসমত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ৷

লগতে পঢ়কঃতাপসী পান্নুৰ আগন্তুক ছবি থাপ্পৰৰ ট্ৰেইলাৰে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ

Intro:Body:

Vidya Balan: Awards seem fair when you win one

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.