চিটাৰা ডেস্ক, ৩ এপ্ৰিল: শনিবাৰে বীৰ সৈনিক শ্যাম মানেকশ্বৰৰ জন্মজয়ন্তী । তেওঁৰ জন্মদিনৰ দিনা স্মৰণ কৰে বলীউড অভিনেতা বিকি কৌশলে । শনিবাৰে বিকিয়ে ছচিয়েল মিডিয়াত এক ভিডিঅ' শ্বেয়াৰ কৰি মানেকশ্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । 'মানুহজন, কিংবদন্তি, সাহসী হৃদয়, আমাৰ শ্যাম বাহাদুৰ' বুলি কেপশ্বন লিখি উক্ত ভিডিঅ'টো শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে । সাধাৰণতে শ্যাম মানেকশ্বক শ্যাম বাহাদুৰ হিচাপে জনা গৈছিল । ইয়াৰেপৰি, অভিনেতাগৰাকীয়ে কৈছিল 'ফিল্ড মাৰ্শ্বাল মানেকশ্বৰৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পোৱাটো মোৰ বাবে সৰ্বোচ্চ সন্মান । ছবিখনৰ বাবে মই যথেষ্ঠ উৎসাহী' । বিকিৰ পৰৱৰ্তী ছবিত মাৰ্শ্বাল শ্যাম মানেকশ্বৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।
১৯১৪ চনৰ ৩ এপ্ৰিল তাৰিখে জন্মগ্ৰহন কৰা ফিল্ড মাৰ্শ্বাল এগৰাকী ভাৰতীয় বীৰ সেনা জোৱান আচিল । তেওঁৱেই প্ৰথমগৰাকী 'ফাইভ ষ্টাৰ' পদলৈ পদোন্নতি হোৱা প্ৰথম ভাৰতীয় সেনা বিষয়া । ২০০৮ চনৰ ২৭ জুনত ম়ত্যুবৰণ কৰিথিল এই মহান বীৰ সৈনিকগৰাকীয়ে । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতৰ হাতত দেশখনক পৰাস্ত কৰিছিল ।
লগতে পঢ়ক: বেলী নৃত্যৰ ভংগীমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে শানায়া কাপুৰে