চিটাৰা ডেস্ক, 18 মাৰ্চ : বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হোৱা বলীউডৰ বহুল চৰ্চিত আৰু জনপ্ৰিয় যুটি বিকী-কেটৰিণাই পুনৰ তোলপাৰ লগাইছে সামাজিক মাধ্যমত ৷ ধৰ্ম প্ৰডাকচনৰ মুখ্য কাৰ্যবাহী বিষয়া অপূৰ্ব মেহতাৰ বাৰ্থডে’ পাৰ্টীলৈ অহা প্ৰতিজনৰে চকু কেৱল এই যুটিৰ ওপৰত (Vicky Katrina latest updates) ৷
শুকুৰবাৰৰ এই বাৰ্থডে’ পাৰ্টীত ষ্টাইলিছ্ লুকত প্ৰৱেশ কৰে নৱদম্পত্তী বিকী-কেটৰিণাই ৷ কেটৰিণাক দেখা গ’ল নীলা ৰঙৰ এটা শ্বৰ্ট বডিকন ড্ৰেছত যাৰ লগত মিলাই অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰিলে জিলিকি থকা ক’লা ৰঙৰ হীল্ছ ৷ আনহাতে বিকীয়ে পৰিধান কৰিছিল ফ্লোৰেল প্ৰিণ্টেড ক’লা ৰঙৰ জেকেট (Vicky Katrina latest pictures) ৷
পাৰ্টীটোৰ পৰা ভাইৰেল হৈ পৰা বিকী-কেটৰিণাৰ ফটো আৰু ভিডিঅ’ই এতিয়া মতলীয়া কৰি তুলিছে অনুৰাগীসকলক (VicKat latest viral video) ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰী এজনে দুয়োকে একেলগে থাকিলে হট লাগে বুলি কমেণ্ট কৰিলে ৷ আন এজনে আকৌ লিখিলে, ‘কাপল্ছ হু শ্লে টুগেদাৰ, ষ্টে টুগেদাৰ’ ৷
অপূৰ্ব মেহতাৰ জন্মদিনৰ অনুষ্ঠানটোলৈ বলীউডৰ বহু তাৰকাৰ সমাহাৰ ঘটিছিল ৷ অনন্যা পাণ্ডে, পত্নী মহীপ কাপুৰৰ সৈতে সঞ্জয় কাপুৰ, ববি দেউল, নুশ্বৰত ভাৰুচ্চা, গৌৰী খান, আৰিয়ান খানকে আদি কৰি বিভিন্ন তাৰকা উপস্থিত হৈছিল জন্মদিনটোৰ অনুষ্ঠানটোত ৷
- " class="align-text-top noRightClick twitterSection" data="
">
2021 চনৰ 9 ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ ছিক্স চেন্স ফ’ৰ্ট ৱাৰৱাৰাত বিবাহপাশত আৱদ্ধ হৈছিল বিকী-কেটৰিণা ৷ বিকী কেটৰিণাৰ হাতত কেইবাখনকৈয়ো নতুন চিনেমা আছে ৷