ETV Bharat / sitara

ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু প্ৰবীণ অভিনেতা ইউছুফ হুছেইনৰ - ৰেইছ

শনিবাৰে পৰলোক প্ৰাপ্তি ঘটে প্ৰবীণ অভিনেতা ইউছুফ হুছেইন(Yusuf Husain)ৰ । ক'ভিড-১৯(COVID-১৯) ত আক্ৰান্ত হৈ ৭৩ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যু হয় । শনিবাৰে লীলাৱতী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে হুছেইনে । টুইটযোগে এই কথা নিশ্চিত কৰিছে ছবি নিৰ্মাতা তথা ইউছুফ হুছেইনৰ জোঁৱাই হংসল মেহতা(Hansal Mehta)ই ।

Yusuf Husain passes away
প্ৰবীণ অভিনেতা ইউছুফ হুছেইনৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Oct 30, 2021, 2:19 PM IST

চিটাৰা ডেস্ক, ৩০ অক্টোবৰ : বলীউডত শোকৰ ছাঁ পেলাই চিৰবিদায় মাগিলে "বিবাহ", "ধুম-২" আৰু "দিল চাহতা হ্যে"ৰ দৰে হিট ছবিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয়ত ঠাই পোৱা প্ৰবীণ অভিনেতা ইউছুফ হুছেইনে । শনিবাৰে লীলাৱতী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ক'ভিড-১৯ (COVID-১৯) মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানে ৭৩ বছৰীয়া অভিনেতাগৰাকীয়ে । ছবি নিৰ্মাতা হংসল মেহতা(Hansal Mehta)ই শহুৰ ইউছুফ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

তেওঁ টুইটযোগে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ কথা প্ৰকাশ কৰিছে । মেহতাই টুইটত "শ্বহীদ"ৰ দৃশ্যগ্ৰহণৰ সময়ৰ কথা মনত পেলাই উল্লেখ কৰিছে যে, দৃশ্যগ্ৰহণৰ সময়ত তেওঁ যথেষ্ট আৰ্থিক অসুবিধাত পৰিছিল । ছবি নিৰ্মাতা হিচাপে কেৰিয়াৰ প্ৰায় সম্পূৰ্ণৰূপে শেষ হোৱাৰ উপক্ৰম হৈছিল । সেই সময়ত মেহতালৈ সহায়ৰ হাত আগবঢ়াইছিল ইউছুফ হুছেইনে ।

মেহতাই জনোৱা মতে, ইউছুফ হুছেইনে কৈছিল যে, বেংকত তেওঁৰ কিছু ধন ফিক্সড ডিপ’জিট কৰা আছে । হুছেইনে কৈছিল যে, মেহতা ইমান অসুবিধাত পৰাৰ সময়ত তেওঁৰ ধনখিনি বেংকত জমা কৰি ৰখা কোনো অৰ্থ নাই ।

লগে লগে তেওঁ এখন চেক মেহতাক দিয়ে । ইয়াৰ পাচত "শ্বহীদ"ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল । মেহতাই কয় যে, ইউছুফ হুছেইন তেওঁৰ মাত্ৰ শহুৰ নহয়, পিতৃৰ দৰে আছিল । মেহতাই লগতে উল্লেখ কৰে যে, ইউছুফ হুছেইনৰ ওচৰত তেওঁৰ এই নতুন জীৱনটো ঋণী ।

দুখ প্ৰকাশ কৰি তেওঁ কয় যে, তেওঁ আজি মই অনাথ হৈ পৰিছে । ২০১৩ চনত ৰাজকুমাৰ ৰাও অভিনীত হংসল মেহতাৰ ছবি "শ্বহীদে" মুক্তি লাভ কৰিছিল । তেওঁ "আলিগড়" আৰু "স্কেম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্ট'ৰী"ও পৰিচালনা কৰিছে । ইউছুফ হুছেইনৰ কন্যা চফিনা হংসল মেহতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । হংসলে কৰা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পূজা ভাটে লিখিছে যে, হংসলৰ অনুভৱৰ বিষয়ে জানিব পাৰি তেওঁ চকুলো টুকিছে ।

লগতে পূজাই ইউছুফ হুছেইনৰ মৃত্যুত শোকপ্ৰকাশ কৰে । প্ৰবীণ অভিনেতাগৰাকীয়ে বহু কেইখন হিন্দী ছবি আৰু টেলিভিছনৰ ধাৰাবাহিকত কাম কৰিছিল । তেওঁ "ৰেইছ", "ৰাজ", "হাজৰো খোৱাইছে এইচি", "শ্বহীদ", "OMG : অহ মাই গড", "ক্ৰিশ-৩", "দাবাং-৩", "জলেবি" আদি বহু ছবিত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল ।

তেওঁ অভিষেক বচ্চন অভিনীত আগন্তুক থ্ৰিলাৰ "বব বিশ্বাস"ৰ বাবেও দৃশ্যগ্ৰহণ কৰিছিল । অভিষেক বচ্চনেও প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তেওঁ টুইটত উল্লেখ কৰিছে যে, 'কুছ না কহো'ৰ পৰা আৰম্ভ কৰি 'বব বিশ্বাস'লৈকে কেইবাখনো ছবিত তেওঁলোকে একেলগে কাম কৰিছিল ।

অভিষেকে উল্লেখ কৰিছে যে, ইউছুফ হুছেইন অতি নম্ৰ আৰু দয়ালু ব্যক্তি আছিল । অভিষেকে শোকসন্তপ্ত পৰিয়ালটিলৈও সমবেদনা জ্ঞাপন কৰে ।

আনহাতে, মেহতাৰ ঘনিষ্ঠ বন্ধু তথা অভিনেতা মনোজ বাজপেয়ীয়ে টুইটযোগে শোক প্ৰকাশ কৰে ।

  • #RIP Yusuf ji. We worked together in several films starting with Kuch na kaho and lastly on Bob Biswas. He was gentle, kind and full of warmth. Condolences to his family. 🙏🏽 pic.twitter.com/6TwVnU0K8y

    — Abhishek Bachchan (@juniorbachchan) October 30, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.