চিটাৰা ডেস্ক, ২৬ মাৰ্চ: বলিউড তাৰকা বৰুণ ধাৱানক পৰৱৰ্তী ছবি চাংকিত দেখিবলৈ পোৱা যাব । চাজিদ নাদিয়াদৱালাৰ প্ৰযোজিত ছবি চাংকিত অভিনয় কৰিব এইগৰাকী জনপ্ৰিয় অভিনেতাই । এই ছবিখন কাৰ্থিক নৰেনৰ দ্বাৰা পৰিচালিত তামিল থ্ৰিলাৰ ধুৰুভাংগল পাথিনাৰুৰ হিন্দী ৰিমেক । জানিব পৰা মতে ছবিখনত বৰুণৰ বিপৰীতে পৰিনীতি চোপ্ৰাই অভিনয় কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="">
সূত্ৰ অনুসৰি, বৰুণে ছবিখনত এগৰাকী আৰক্ষীৰ ভূমিকাত অভিনয় কৰিব । এগৰাকী আৰক্ষী বিষয়া হৈ বৰুণে অনুসন্ধানৰ সময়ত দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি হেৰুৱাব । চাংকি বৰুণৰ প্ৰথম ছবি হ'ব য'ত বৰুণে শাৰীৰিক প্ৰতিবন্ধকতাৰ চৰিত্ৰত অভিনয় কৰিব । সম্প্ৰতি বৰুণ ভদিয়া নামৰ ছবিখনৰ লগতে যুগ যুগ জী'ও ছবিখনৰ কামত ব্যস্ত হৈ আছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: COVID-১৯ ত আক্ৰান্ত অভিনেতা আৰ মাধৱন