ETV Bharat / sitara

জন্মদিন বিশেষ : হোটেলত কাম কৰাৰ পৰা বলিউডলৈ বানীৰ যাত্ৰা...

author img

By

Published : Aug 23, 2021, 9:54 AM IST

আজি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী বানী কাপুৰৰ জন্মদিন ৷ পূৰ্বতে অভিনয়ৰ কোনো অভিজ্ঞতা নথকা বানীয়ে বলিউডত নিজৰ প্ৰতিভা আৰু কষ্টৰে এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷ ই টিভি ভাৰতৰ তৰফৰ পৰা তেওঁলৈ এই বিশেষ দিনটোত হিয়াভৰা শুভেচ্ছা...

Vaani Kapoor Birthday special: from working at hotel to bollywood
জন্মদিন বিশেষ : হোটেলত কাম কৰাৰ পৰা বলিউডলৈ বানীৰ যাত্ৰা...

চিটাৰা ডেস্ক, 23 আগষ্ট : ফিল্ম ‘Suddh Desi Romance’ত সুশান্তৰ সৈতে ৰোমাঞ্চ আৰু ‘Befikre’ত ৰনবীৰৰ সৈতে বোল্ড ৰোমাঞ্চৰ জৰিয়তে চৰ্চালৈ অহা বানী কাপুৰে সম্প্ৰতি বলিউডত নিজৰ এক স্থান গঢ়ি লৈছে ৷ বলিউডত পদৰ্পণৰ পূৰ্বে ছবিৰ সৈতে তেওঁৰ কোনোধৰণৰ সম্পৰ্ক নাছিল আনকি তেওঁ কেতিয়াও থিয়েটাৰটো অভিনয় কৰি পোৱা নাছিল ৷ তেওঁ অভিনয় ক্ষেত্ৰলৈ অহা কাহিনীটোও যথেষ্ট আমোদজনক ৷

Vaani Kapoor Birthday special: from working at hotel to bollywood
ছবি সৌজন্য: Filmfare

বানী কাপুৰৰ জন্ম হৈছিল দিল্লীত ৷ তেওঁৰ পিতৃ শিৱ কাপুৰ পেচাত এগৰাকী ফাৰ্ণিচাৰ বিশেষজ্ঞ আছিল ৷ তেওঁৰ মাতৃয়ে পূৰ্বে শিক্ষকতা কৰিছিল যদিও বৰ্তমানে তেওঁ মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কৰ্মৰত ৷ বানীয়ে দিল্লীৰ মাতা জয়কৌৰ পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল ৷ ইয়াৰ পিছতে তেওঁ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৷

ইয়াৰ পৰাই তেওঁ ট্যুৰিজিমত স্নাতক ডিগ্ৰী লাভ কৰে ৷ শিক্ষা সমাপ্ত কৰি বানীয়ে হোটেলৰ দিশে খোজ আগবঢ়ায় ৷ প্ৰাৰম্ভিক অৱস্থাত তেওঁ জয়পুৰৰ এখন হোটেলত কাম কৰিছিল ৷ ইয়াৰ পিছতে তেওঁ ITCৰ মৌৰ্য হোটেলটো কাম কৰিছিল ৷

লগতে পঢ়ক : Happy Birthday শ্বায়েৰা বানু জী...

হোটেলত কৰ্মৰত হৈ থকা অৱস্থাতে Elite Model Managementৰ দৃষ্টি বানীৰ ওপৰত পৰে ৷ তেওঁক উচ্চতা আৰু সুন্দৰ ৰূপৰ বাবে কোম্পানীটোৱে তেওঁৰ সৈতে চুক্তি স্বাক্ষৰ কৰে ৷ ইয়াৰ পিছত তেওঁ মডেলিঙৰ পৃথিৱীত খোজ পেলায় ৷ বানীৰ পৰিয়াটো এটা আধুনিক পৰিয়াল ৷ সেইবাবে বানীৰ মডেলিঙক পৰিয়ালৰ লোকে যথেষ্ট সমৰ্থন কৰিছিল ৷

ছবি সৌজন্য : Bollywood Hungama

জানিবলৈ পোৱা অনুসৰি 57 কেজি ওজনৰ বানীয়ে যেতিয়া মডেলিঙৰ সময়ত গহণা পৰিধান কৰিছিল তেতিয়া তেওঁৰ ওজন বাঢ়ি 75 কিলোগ্ৰাম হৈছিলগৈ ৷ 2009 চনত বানীয়ে SonyTVৰ প্ৰোগ্ৰাম Specials@10ৰ জৰিয়তে সৰু পৰ্দাত ভৰি দিয়ে ৷ এই সময়তেই তেওঁ ‘Suddh Desi Romance’ত চাপোৰ্টিং চৰিত্ৰত অভিনয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰে ৷ Yash Raj ৰ বেনাৰে তেওঁক তিনিখনকৈ ছবিৰ বাবে স্বাক্ষৰ কৰি লয় ৷

‘Suddh Desi Romance’ত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৷ এই ছবিখনৰ দ্বাৰাই বানীয়ে বলিউডত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হয় ৷ এই ছবিখনৰ বাবে বানীয়ে শ্ৰেষ্ট নৱাগতা অভিনেত্ৰী হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল ৷ বানীয়ে বৰ্তমানলৈকে ‘Suddh Desi Romance’, ‘Befikre’ আৰু ‘War’ ছবিত অভিনয় কৰিছে ৷

শেহতীয়াকৈ তেওঁক অক্ষয় কুমাৰৰ অহিবলগীয়া ছবি ‘Bell Bottom’ত দেখিবলৈ পোৱা যাব ৷ ইয়াৰ উপৰিও তেওঁ চলমান খান সৈতে ‘Dhoom 4’ত কাম কৰি আছে ৷

লগতে পঢ়ক : ৰক্ষাবন্ধন 2021 : বলীউডৰ নৱ প্ৰজন্মৰ জনপ্ৰিয় ভাতৃ-ভগ্নী যুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.