চিটাৰা ডেস্ক,৪ জানুৱাৰী: টুইটাৰৰ নিয়ম উলংঘনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে টুইটাৰ ইণ্ডিয়া । বৃহস্পতিবাৰে নিয়ম উলংঘন কৰাৰ অভিযোগত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ দুটাকৈ টুইটাৰ পোষ্ট আঁতৰাই টুইটাৰ ইণ্ডিয়াই । উল্লেখ যে অভিনেত্ৰী গৰাকীয়ে তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৰা কৃষকৰ আন্দোলনক সমালোচনা কৰি আহিছে । তাৰ মাজতে কংগনাই টুইটত কৰ্কট ৰোগ দেশৰ পৰা নিৰ্মূল কৰিব লাগে বুলি মন্তব্য় কৰিছিল । কিন্তু সেই টুইটটো সম্প্ৰতি খুলিব বিছাৰিলে টুইটটো নিয়ম উলংঘন কৰিছে আৰু এতিয়া সেয়া উপলব্ধ নহয় বুলি এটা মেছেজ দেখা যায় ।
এয়াই প্ৰথম নহয় যোৱা মাহতো আমাজন প্ৰাইমৰ চিৰিজ 'তাণ্ডৱ'ৰ বিতৰ্ক চলি থকাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে কৰা এটা মন্তব্য়ও আঁতৰাই দিছিল টুইটাৰ ইণ্ডিয়াই । অভিনেত্ৰীগৰাকীয়ে টুইটাৰত সক্ৰীয় হৈ থকাৰ মাজতে আন্তৰ্জাতিক পপ তাৰকা ৰিহানাই কৃষকসকলৰ আন্দোলনক সমৰ্থন জনাই ওলাই অহা দেখা গৈছে । কিন্তু ৰিহানাক সমালোচনা কৰি কংগনাই মুৰ্খ বুলি অভিহিত কৰিছিল এটা টুইটত । সমান্তৰালকৈ অভিনেত্ৰী টাপছি পন্নুৱে কৰা এক টুইটাৰৰ সমালোচনা কৰা দেখা যায় কংগনাক ।
লগতে পঢ়ক:গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু