চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃ ছবি নিৰ্মাতা সাজিদ নাদিয়াদৱালাৰ প্ৰডাকচন কোম্পানীয়ে শুকুৰবাৰে ঘোষণা কৰে, হিৰোপান্টি-2ৰ বিষয়ে ৷ হিৰোপান্টিৰ মুখ্য অভিনেতা টাইগাৰ শ্ৰফ পুনৰ উভতিছে হিৰোপান্টি-2ৰ সৈতে ৷ শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ প্ৰথমটো লুক ৷
ছবিখনৰ নিৰ্দেশনা আৰু কৰিঅ'গ্ৰাফি কৰিব অহমদ খানে ৷ সাজিদ নাদিয়াদৱালাৰ প্ৰডাকচন কোম্পানীয়ে টুইটাৰ একাউন্ট যোগে ছবিখনৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে ছবি নিৰ্মাতাই ছবিখনৰ পৰা টাইগাৰ শ্ৰফৰ প্ৰথমটো লুক শ্বেয়াৰ কৰে ৷
চ্যুট পৰিধান কৰি থকা অৱস্থাত উন্মোচন হৈছে অভিনেতাগৰাকীৰ প্ৰথমটো লুক ৷ পোষ্টাৰখনত লিখা হৈছিল,"তেওঁ মৰাটো পৃথিৱীয়ে বিচাৰে "৷ কেপচনটোৰ দ্বাৰাই বুজিব পৰা গৈছে ছবিখনত টাইগাৰ শ্ৰফৰ চৰিত্ৰটো হ'ব যথেষ্ট ভয়ংকৰ ৷ লগতে ছবিখন অভাৱনীয় একচন সমৃদ্ধ হোৱাৰ আশা সঞ্চাৰ হৈছে ৷ ইতিমধ্যে ঘোষণা হৈছে ছবিখনৰ মুক্তিৰ দিন ৷ ছবিখন মুক্তি পাব 2021 চনৰ 16 জুলাই তাৰিখে ৷ 2014 চনত মুক্তি পোৱা হিৰোপান্টি ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বলীউডত পদাৰ্পণ কৰিব টাইগাৰ শ্ৰফ আৰু কীৰ্তি সেননে ৷
লগতে পঢ়কঃ আদালতত বিয়াৰ আবেদন দাখিল ৰিশা চড্ডা আৰু আলি ফেজলৰ