ETV Bharat / sitara

'লোপ লপেটা'ৰ শ্বুটিঙলৈ অধিৰ আগ্ৰহেৰে ৰৈছে তাহিৰ ৰাজ ভাছিন - বলীউদ অভিনেতা তাহিৰ ৰাজ ভাছিন

'লোপ লপেটা'ৰ শ্বুটিঙলৈ অধিৰ আগ্ৰহেৰে বাট চাইছে বলীউদ অভিনেতা তাহিৰ ৰাজ ভাছিনে ৷ তাহিৰে কয় যে, লোপ লপেটাৰ স্ক্ৰীপটোৰ সৈতে তেওঁ নিজকে সামৰি লৈছে ৷

Tahir Raj Bhasin 'can't wait to get started on Looop Lapeta' with Taapsee Pannu
'লোপ লপেটা'ৰ শ্বুটিঙলৈ অধিৰ আগ্ৰহেৰে ৰৈছে তাহিৰ ৰাজ ভাছিন
author img

By

Published : Oct 31, 2020, 5:23 PM IST

ছিটাৰা ডেস্ক, 31 অক্টোবৰ : 'লোপ লপেটা'ৰ বাবে শ্বুটিং আৰম্ভ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বলীউদ অভিনেতা তাহিৰ ৰাজ ভাছিনে ৷ তাহিৰে কয় যে, লোপ লপেটাৰ স্ক্ৰীপটো তেওঁৰ অতিকৈ পছন্দৰ সেয়েহে এই কাহিনীটোৰ সৈতে নিজকে সামৰি ল'বলৈ সক্ষম হৈছে ৷

তাহিৰে কয়, "লোপ লপেটাৰ শ্বুটিং আৰম্ভ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছো ৷ লকডাউনৰ সময়ছোৱাত মই স্ক্ৰীপটটোৰ কাহিনীৰ সৈতে নিজকে সামৰি ল'বলৈ সক্ষম হৈছো ৷ এয়া প্ৰচুৰ প্ৰত্যাহ্বানমূলক হোৱাৰ লগতে মনোৰঞ্জকো হ'ব বুলি মই ভাবো ৷ পূৰ্বৰ কামৰ তুলনাত ই সম্পূৰ্ণৰূপে পৃথক হোৱা বাবে মোৰ আগ্ৰহ দুগুণ বৃদ্ধি পাইছে ৷"

এই বোলছবিত তাহিৰৰ বিপৰীতে অভিনেত্ৰী হিচাপে থাকিব তাপসী পান্নু ৷ তাপসী সম্পৰ্কত তাহিৰে কয়, "অভিনয়ত মুখ্য চৰিত্ৰ হৈছে নৃত্যত যুগলবন্দীৰ দৰে ৷ দুয়োগৰাকী নৃত্যশিল্পীয়ে ভাল প্ৰদৰ্শন কৰিলেহে এটা নৃত্য চাবলৈ মনোমোহা হয় ৷ তাপসীক মোৰ বিপৰীতে অভিনেত্ৰী হিচাপে পোৱাটো সঁচাকৈয়ে মহান আৰু মই আশা কৰো যে সকলোৱে আমাৰ যুগলবন্দী পছন্দ কৰে ৷ তেওঁৰ সকলোকে আকৰ্ষিত কৰিব পৰা এক শক্তি আছে আৰু তেওঁ এগৰাকী প্ৰকৃত অভিনেত্ৰী ৷"

ক'ভিড মহামাৰীৰ বাবে বলীউদ উদ্যোগ ছয় মাহ ধৰি বন্ধ হৈ থকাৰ পাচত পুনৰ আৰম্ভ হোৱা বাবে তাহিৰে নিজৰ উৎকন্ঠা প্ৰকাশ কৰে ৷ তেওঁ কয়, "লকডাউন আছিল অলপ বিৰতি লৈ নিজকে পৰীক্ষা কৰাৰ সময় ৷ বহু প্ৰজেক্টৰ স্ক্ৰীপট পুনৰ লিখিবলৈ এই সময়ছোৱাত সুবিধা হ'ল ৷ ক'ভিড মহামাৰীয়ে আমাক শিকালে যে আমি স্বাস্থ্য সম্পৰ্কত সচেতন হ'ব লাগে ৷ কামলৈ পুনৰ উভতি অহাৰ লগতে আৰম্ভণি হোৱা কিছুমান প্ৰজেক্টৰ অংশীদাৰ হ'বলৈ পাই মই নথৈ আনন্দিত ৷"

লগতে পঢ়ক : ব্যৱসায়ী গৌতম কিটছলুৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি কাজল আগৰৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.