ETV Bharat / sitara

বিশাল ভৰদ্বাজৰ স্পাই থ্ৰীলাৰ ছবি Khufiya ত দেখা যাব টাবুক

author img

By

Published : Sep 16, 2021, 12:33 PM IST

ছবি নিৰ্মাতা বিশাল ভৰদ্বাজৰ আগন্তুক স্পাই থ্ৰীলাৰ(Spy Thriller) ছবি ‘খুফিয়া’(Khufiya)ত দেখা পাব অভিনেত্ৰী টাবুক(Tabu) ৷ শীঘ্ৰেই নেটফ্লিক্সত(Netflix) মুক্তি লাভ কৰিব ছবিখনে ৷

Tabu to star in Vishal Bhardwaj's film 'Khufiya'
‘Khufiya’ত অভিনেত্ৰী তাবু

চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ: ‘হাইদৰ’(Haider) ছবিৰ পাচত ছবি নিৰ্মাতা বিশাল ভৰদ্বাজৰ আগন্তুক ছবি ‘খুফিয়া’(Khufiya)ত কাম কৰিবলৈ সাজু হৈছে অভিনেত্ৰী টাবু(Tabu) ৷ শীঘ্ৰেই এই ছবিখন নেটফ্লিক্সত(Netflix) মুক্তি লাভ কৰিব ৷ অমৰ ভূষণৰ ‘Escape to Nowhere’ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

এই স্পাই থ্ৰীলাৰ(Spy Thriller) ছবিখনত টাবুৰ উপৰিও অভিনয়ত আছে আলী ফজল, ৱামিকা গব্বী আৰু আশীষ বিদ্যাৰ্থী ৷ ছবিখনৰ নিৰ্মাতা বিশাল ভৰদ্বাজৰ সৈতে পুনৰ কাম কৰিবলৈ পাই আনন্দিত অভিনেত্ৰী টাবু ৷ এয়া এক অন্য অভিজ্ঞতা ৷ ইনষ্টাগ্ৰামযোগে আনন্দ প্ৰকাশ কৰিছে টাবুৱে ৷

তেওঁ কয়, ‘‘খুফিয়াৰ দৰে এক আকৰ্ষণীয় স্পাই থ্ৰীলাৰ ছবিৰ অংশ হ’বলৈ পাই মই উৎসাহিত । পুনৰ ভি বি (বিশাল ভৰদ্বাজ)ৰ সৈতে কাম কৰিবলৈ পাই মই আনন্দিত ৷ তেওঁৰ সৈতে ঘৰুৱাভাৱে কাম কৰাৰ দৰে অনুভৱ হয়’’ ৷

‘খুফিয়া’ হৈছে কৃষ্ণা মেহেৰা নামৰ এগৰাকী RAW অ’পাৰেটিভৰ কাহিনী, যাক ভাৰতৰ প্ৰতিৰক্ষা সন্দৰ্ভত ৰহস্য উদঘাটনৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ কৃষ্ণা মেহেৰা চৰিত্ৰটোক সাঙুৰিয়েই প্ৰদৰ্শন কৰা হ’ব ছবিখনৰ কাহিনীভাগ ৷

লগতে পঢ়ক: পৰিচালক ইন্দ্ৰনীল গায়নলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.