ETV Bharat / sitara

'ছাব্বাছ মিথু' ছবিৰ বাবে তাপছী পান্নুৰ প্ৰশিক্ষণ আৰম্ভ

author img

By

Published : Jan 28, 2021, 12:52 PM IST

'ৰশ্মি ৰকেট'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে আগন্তুক ছবি 'ছাব্বাছ মিথু'ৰ বাবে অভিনেত্ৰী তাপছী পান্নুৱে প্ৰশিক্ষণ লোৱা আৰম্ভ কৰিছে । ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সুদক্ষ খেলুৱৈ মিথালী ৰাজৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ।

'ছাব্বাছ মিথু' ছবিৰ বাবে তাপছী পান্নুৰ প্ৰশিক্ষণ আৰম্ভ
'ছাব্বাছ মিথু' ছবিৰ বাবে তাপছী পান্নুৰ প্ৰশিক্ষণ আৰম্ভ

চিটাৰা ডেস্ক, ২৮ জানুৱাৰী: আগন্তুক ছবি 'ছাব্বাছ মিথু'ৰ বাবে অভিনেত্ৰী তাপছী পান্নুৱে বুধবাৰৰ পৰা প্ৰশিক্ষণ লোৱা আৰম্ভ কৰিছে । সোমবাৰে 'ৰশ্মি ৰকেট'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সুদক্ষ খেলুৱৈ মিথালী ৰাজৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে 'ছাব্বাছ মিথু' ছবিখন ।

ছবিখনত তেওঁ মিথালী ৰাজৰ চৰিত্ৰ ৰূপায়ণ কৰিব । প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়ৰ এখন ফটো টুইটযোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ফটোখন শ্বেয়াৰ কৰি তাপছী পান্নুৱে লিখিছে যে, 'বেট আৰু বলৰ সৈতে ৰোমাঞ্চ পুনৰ আৰম্ভ হৈছে । এতিয়াও দীঘলীয়া বাট বাকী আছে । কিন্তু এটা ভাল আৰম্ভণিৰ সৈতে আধাখিনি কাম সম্পূৰ্ণ হোৱা যেন অনুভৱ হৈছে ।'

লগতে মিথালী ৰাজক প্ৰশংসাও কৰে অভিনেত্ৰীগৰাকীয়ে । 'পাৰজানিয়া' আৰু 'ৰেইছ' ছবিৰ বাবে জনাজাত ৰাহুল ঢ'লাকিয়াই 'ছাব্বাছ মিথু' ছবিখন নিৰ্দেশনা কৰিছে ।

লগতে পঢ়ক:আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টাৰ টেলিফোনিক বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.