চিটাৰা নিউজ, 4 জানুৱাৰী : অভিনেত্ৰী সুস্মিতা সেনে সোমবাৰে ইনষ্টাগ্ৰামত জীৱন সংগী ৰোহমান শ্ব'লক জন্মদিনৰ শুভেচ্চা জ্ঞাপন কৰিছে ৷ লগতে সুস্মিতা সেনে 2018 চনত একেলগে কটোৱা এখন সুন্দৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ সোমবাৰে ৰাতিপুৱা অভিনেত্ৰী গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে এক সুন্দৰ পোষ্টও লিখিছে ৰোহমান শ্ব'লৰ বাবে ৷
অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত লিখা পোষ্ট অনুসৰি, 'জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ৷ ভগৱানে তোমাৰ মংগল কৰক ৷ তুমি সদায় সুখী থকা ৷ জীৱনত মনে বিচৰা ধৰণে সুখী হোৱা তুমি' ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, চলিত বৰ্ষত সুস্মিতা সেনে এখন ৱে'ৱ চিৰিজৰ জৰিয়তে পুনৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল ৷ বৰ্তমান সুস্মিতা সেনে ফেছন শ্ব' এটাৰ বিচাৰকৰ দায়িত্ব বহন কৰি আছে ৷
লগতে পঢ়ক : ন্যায়িক জিম্মাত তিনি বছৰীয়া শিশুৰ মৃত্যুক লৈ কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ