চিটাৰা ডেস্ক,20 জুলাইঃ বলীউড অভিনেত্ৰী সুষ্মিতা সেনৰ ভাতৃ ৰাজীৱ সেনে এইবাৰ ভৰি থৈছে বলীউড জগতত ৷ তেওঁ সাজু হৈছে প্ৰথমখন বলীউডৰ ছবিৰ বাবে ৷
বিশাল মিশ্ৰাৰ দ্বাৰা নিৰ্দেশিত ছবি ইতিঃকেন ইউ চ'লভ য়'ৰ অ'ন মাৰ্ডাৰত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব সুষ্মিতা সেনৰ ভাতৃ ৰাজীৱ সেনক ৷
- " class="align-text-top noRightClick twitterSection" data="
">
তেওঁ শেহতীয়াকৈ জনাইছে তেওঁৰ ভগ্নী সুষ্মিতাৰ পৰা তেওঁ যথেষ্ট প্ৰেৰণা লাভ কৰিছে ৷ তেওঁ কয়,"মোৰ ভগ্নীৰ উপদেশ সদায় সৰল যদিও যথেষ্ট প্ৰভাৱজনক হয় ৷ তেওঁ মোক মোৰ লক্ষ্যত মনোযোগ দিবৰ বাবে,নিজৰ কাম কৰিবৰ বাবে আৰু নিজক লৈ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ উপদেশ দিয়ে ৷"