ETV Bharat / sitara

পুনৰ জীৱন্ত সুশান্ত সিং ৰাজপুত !

author img

By

Published : Sep 18, 2020, 9:07 AM IST

মৃত্যুৰ পাছতো পুনৰ জীৱন্ত হৈ উঠিছে বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত ৷ সুশান্তৰ সতে এতিয়া একপি ফটো উঠিবলৈ হেতা উপৰা অনুৰাগীৰ ৷ কিন্তু ক'ত ভিৰ লাগিছে সুশান্তৰ এইসকল অনুৰাগীৰ ?

Sushant Singh Rajput's wax statue in West Bengal
পুনৰ জীৱন্ত সুশান্ত সিং ৰাজপুত

নিউজ ডেস্ক, 18 ছেপ্তম্বৰ: প্ৰকৃততে পশ্চিমবংগৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুশান্তৰ এটি হুবহু মূৰ্তিয়ে ৷ ভালকৈ লক্ষ্য নকৰিলে আপুনি হয়টো বিশ্বাসেই কৰিব নোৱাৰিব যে এইয়া প্ৰকৃততে ম’মেৰে প্ৰস্তুত কৰি উলিওৱা সুশান্তৰ প্ৰতিমূৰ্তিহে ৷ পশ্চিমবংগৰ আসানচোলৰ বিশিষ্ট ভাস্কৰ্য শিল্পী সুকান্ত ৰায়ে বহু কষ্টৰে মমৰে জীৱন্ত ৰূপ দিছে সুশান্তক ৷ এই প্ৰতিমূৰ্তিটোৱে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে সুশান্তৰ অনুৰাগী সকলৰ মাজত ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা মমৰ মূৰ্তি প্ৰস্তুত কৰা বিশিষ্ট ভাস্কৰ্য শিল্পী সুকান্ত ৰায়ে ইয়াৰ পূৰ্বেও প্ৰস্তুত কৰি উলিয়াইছিল বহু জনপ্ৰিয় ব্যক্তিৰ প্ৰতিমূৰ্তি ৷ শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন, মিথুন চক্ৰৱৰ্তী, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, সৌৰভ গাংগুলীৰ লগতে মমতা বেনাৰ্জী, ৰবিন্দ্ৰ নাথ ঠাকুৰ আদিৰ দৰে বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তি ৷

লগতে পঢ়কঃ চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.