ETV Bharat / sitara

সুশান্তৰ আত্মহত্যা সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ অব্যাহত আৰক্ষীৰ - সুশান্তৰ আত্মহত্যা সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ অব্যাহত আৰক্ষীৰ

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, সুশান্তে নিজৰ শেষ সময়খিনি ৰিয়াৰ লগত অতিবাহিত কৰিছিল ৷ সেয়ে আৰক্ষীয়ে তদন্তৰ খাতিৰত ৰিয়াৰ ফোনটো স্কেন কৰে ৷ লগতে তেওঁলোকৰ মাজত আদন-প্ৰদান হোৱা প্ৰতিটো মেছেজ , ফ'টো, ভিডিঅ'ৰ তন্নতন্নকৈ অনুসন্ধান কৰে আৰক্ষীয়ে ৷

Rhea Chakraborty
ৰিয়া চক্ৰৱৰ্তী
author img

By

Published : Jun 19, 2020, 4:07 PM IST

Updated : Jun 19, 2020, 5:57 PM IST

এন্টাৰটেইনমেন্ট ডেস্ক, 19 জুনঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত তেওঁৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ অব্যাহত ৰাখিছে বান্দ্ৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ ভিত্তিত আত্মহনন কৰিছে সুশান্ত সিং ৰাজপুটে ৷ কিন্তু তেওঁৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিবলৈ বৃহস্পতিবাৰে 10 জনতকৈয়ো অধিক লোকৰ জবানবন্দী লয় বান্দ্ৰা আৰক্ষীয়ে ৷

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, সুশান্তে নিজৰ শেষ সময়খিনি ৰিয়াৰ লগত অতিবাহিত কৰিছিল ৷ সেয়ে আৰক্ষীয়ে তদন্তৰ খাতিৰত ৰিয়াৰ ফোনটো স্কেন কৰে ৷ লগতে তেওঁলোকৰ মাজত আদন-প্ৰদান হোৱা প্ৰতিটো মেছেজ,ফ'টো, ভিডিঅ'ৰ তন্নতন্নকৈ অনুসন্ধান কৰে আৰক্ষীয়ে ৷

Rhea Chakraborty
ৰিয়া চক্ৰৱৰ্তী

ইয়াৰোপৰি আৰক্ষীয়ে তেওঁলোকৰ সম্বন্ধৰ বিষয়ে জানিব বিচৰাত ৰিয়াই কয় য়ে,তেওঁলোক বহু দিনৰ পৰা একেলগে আছিল লগতে দুয়ো মিলি এটা সম্পত্তি কিনাৰ কথাও ঠিক কৰিছিল ৷ ৰিয়াই আৰক্ষীৰ আগত কয় যে চলিত বৰ্ষৰ শেষৰ ফালে দুয়ো বিবাহপাশত আবদ্ধ হ'লহেতেন ৷ ইয়াৰোপৰি আৰক্ষীৰ সোধ-পোচত ৰিয়াই তেওঁলোকৰ মাজত হোৱা মতানৈক্য লগতে কাজিয়াৰ ফলত ৰিয়া ঘৰ এৰি গুচি গৈছিল বুলি জানিবলৈ দিয়ে ৷ আনহাতে, সুশান্তৰ ক'ল ৰেক'ৰ্ডিঙৰ তথ্য অনুসৰি জীৱনৰ অন্তিম সময়ছোৱাত সুশান্তে ৰিয়াক ফোন কৰিছিল যদিও ৰিয়াই ফোনৰ উত্তৰ দিয়া নাছিল ৷ পোনপ্ৰথমে সুশান্তে তেওঁৰ বন্ধু মহেশ ছেট্টিক ফোন লগাইছিল যদিও বন্ধু মহেশে সুশান্তৰ ফোনৰ উত্তৰ দিয়া নাছিল ৷

লগতে পঢ়কঃ দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন

বান্দ্ৰা আৰক্ষীয়ে ৰিয়াক সুশান্তৰ ব্যৱহাৰ সলনি হৈছিল নেকি বুলি কৰা প্ৰশ্নত ৰিয়াই আৰক্ষীক সুশান্তৰ ব্যৱহাৰৰ বিষয়ে কোৱাৰ লগতে সুশান্তৰ মানসিক অৱস্থাৰ প্ৰমাণো দিয়ে ৷ ৰিয়াই আৰক্ষীক জনাই যে,বিগত কিছু দিনে সুশান্ত মানসিকভাৱে ভাগি পৰাৰ লগতে হতাশাত ভুগি আছিল ৷ কিন্তু সুশান্তে তেওঁৰ মানসিক চাপৰ ঔষধ-পাতি লোৱা বন্ধ কৰি দিছিল ৷

আনহাতে আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, সুশান্ত আৰু ৰিয়াৰ হাতত এখন ছবিৰ বাহিৰেও অন্য বহু প্ৰজেক্ট আছিল ৷ 2021 চনলৈ বহু পৰিকল্পনা হাতত লৈছিল সুশান্তে যাৰ বাবে সুশান্তৰ ডায়েৰিত কোনো তাৰিখ খালি নাছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ সুশান্তৰ সকলো প্ৰজেক্টৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে ৰিয়াই ৷ ইয়াৰোপৰি ৰিয়াই সুশান্তৰ মানসিক অৱস্থাৰ বিষয়েও তেওঁৰ জেষ্ঠ ভগ্নীক সকলো জনাইছিল লগতে ভগ্নীক সুশান্তৰ লগত কিছু সময় থাকিবলৈ মাতিছিল বুলিও অৱগত কৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে ৷

উল্লেখ্য যে, সুশান্তৰ মৃত্যু সন্দৰ্ভত কিছুমান প্ৰডাকছন হাউছকো তদন্তৰ আওতালৈ আনিব মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷

Last Updated : Jun 19, 2020, 5:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.