ETV Bharat / sitara

নেপ'টিজম সন্দৰ্ভত মুখ খুলিলে ৰূপা গাংগুলীয়ে

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে খুবেই চৰ্চিত হৈছে বলীউডৰ নেপ'টিজম ধাৰণাটো ৷ এইবাৰ এই সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰিছে অভিনেত্ৰী ৰূপা গাংগুলীয়ে ৷ নেপ'টিজম সন্দৰ্ভত ৰূপা গাংগুলীয়ে ক'লে যে, " এতিয়াৰ পৰা মই কিছুমান মানুহৰ চিনেমা নাচাওঁ৷ "

author img

By

Published : Jul 5, 2020, 7:32 PM IST

Sushant Singh Rajput death row: Roopa Ganguly 'won't watch films of certain people'
নেপ'টিজম সন্দৰ্ভত মাত মাতিলে ৰূপা গাংগুলীয়ে

চিটাৰা ডেস্ক,5 জুলাইঃ অভিনেত্ৰী তথা বিজেপি সাংসদ ৰূপা গাংগুলীয়ে জনাই যে, তেওঁ এতিয়াৰ পৰা বহু বলীউড তাৰকাৰ ছবি চোৱাৰ পৰা বিৰত থাকিব ৷ যিসকলে বলীউডত নেপ'টিজম চলাই আছে তেওঁলোকৰ ছবি নাচাওঁ বুলি স্পষ্টকৈ কৈছে ৰূপা গাংগুলীয়ে ৷

শেহতীয়াকৈ ৰূপা গাংগুলীয়ে আই.এ.এন.এচক জনাই যে, " এতিয়াৰ পৰা মই এনেকুৱা মানুহৰ চিনেমা নাচাওঁ ,যি সকলে দেশবাসীক বাৰ্তা দিছে যে সৰু চহৰৰ পৰা অহা ল'ৰা-ছোৱালীবোৰ ছবি উদ্যোগলৈ আহিব নালাগে ৷ নেপ'টিজম সকলো ঠাইতে আছে ৷ অভিভাৱকে নিজৰ ল'ৰা-ছোৱালীক সহায় কৰিব লাগে কিন্তু ইমানো নেপ'টিজম হ'ব নালাগে যে ইয়াৰ জৰিয়তে কিছুমান মানুহক মৃত্যু মুখলৈ ঠেলি দিয়া হয় ৷"

উল্লেখ্য যে, অভিনেত্ৰী তথা সাংসদ গৰাকীয়ে বিগত বহু দিনৰ পৰাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ন্যায় বিচাৰি চি.বি.আই তদন্তৰ বাবে দাবী কৰি আহিছে ৷

লগতে পঢ়কঃমাৰ্ডাৰ ছবিৰ বিবাদ সন্দৰ্ভত ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.