ETV Bharat / sitara

ৰণবীৰ কাপুৰৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত শ্ৰদ্ধা কাপুৰ - ৰেম' ডিচোজা

এইবাৰ শ্ৰদ্ধা কাপুৰক দেখিবলৈ পাব ৰণবীৰ কাপুৰৰ সৈতে ৷ পৰিচালক লাভৰঞ্জনৰ আগন্তুক ছবিত একেলগে কাম কৰিব ৰণবীৰ-শ্ৰদ্ধাই ৷

Super Excited to be working with Ranbir, Says Shraddha Kapoor
ৰণবীৰ কাপুৰৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত শ্ৰদ্ধা কাপুৰ
author img

By

Published : Jan 18, 2020, 4:15 PM IST

চিটাৰা ডেস্ক,18 জানুৱাৰীঃ লাভৰঞ্জনৰ আগন্তুক ছবিত একেলগে কাম কৰিব অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ৷ সম্প্ৰতি ৰণবীৰ কাপুৰ আৰু ছবি নিৰ্মাতাগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত হৈ পৰিছে শ্ৰদ্ধা কাপুৰ ৷ এতিয়ালৈকে ছবিখনৰ নাম চিন্তা কৰা হোৱা নাই যদিও পৰিচালকগৰাকীয়ে জনোৱা মতে, এই ছবিখনে প্ৰথমবাৰৰ বাবে একজোঁট কৰিছে ৰণবীৰ আৰু শ্ৰদ্ধাক ৷

শেহতীয়াকৈ শ্ৰদ্ধাই জনাই যে," লাভৰঞ্জনৰ ছবিত মই ৰণবীৰ কাপুৰৰ সৈতে একেলগে কাম কৰিম ৷ মই পৰিচালকগৰাকীৰ 'প্যাৰ কা পাঞ্চনামা', 'সৌনু কে টিটু কী চুইটী ' ছবি দুখন বহুত পচন্দ কৰো ৷ মই ৰণবীৰৰ সৈতে কাম কৰিবলৈ পাই যথেষ্ট উৎসাহিত হৈ পৰিছো ৷ তেওঁ আমাৰ পীড়িটোৰ আটাইতকৈ শ্ৰেষ্ঠ অভিনেতাসকলৰ অন্যতম ৷তেওঁৰ কামৰ প্ৰতি সদায়েই মোৰ আদৰ আছে ৷ ৰণবীৰৰ সৈতে মই ইয়াৰ আগতে ছবি কৰাৰ কোনো সুবিধা পোৱা নাছিলো আৰু মই তেওঁৰ লগত ছবি কৰিবৰ বাবে অপেক্ষা কৰি আছিলো ৷ "

এনেদৰে নিজৰ মনৰ ভাৱ পি.টি.আইৰ আগত প্ৰকাশ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷ লগতে শ্ৰদ্ধাই জনাই যে,ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হ'ব মাৰ্চ মাহৰ পৰা ৷ ষ্ট্ৰীট ডাঞ্চাৰ 3D ৰ মুক্তিৰ পাছতে নতুন ছবিখনৰ কামত মনোনিৱেশ কৰিব অভিনেত্ৰীগৰাকীয়ে ৷ 32 বছৰীয়া অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ আগন্তুক ছবি ষ্ট্ৰীট ডাঞ্চাৰৰ প্ৰচাৰৰ কামত ব্যস্ত ৷ ৰেম' ডিচোজাৰ দ্বাৰা নিৰ্মিত ছবিখন মুক্তি পাব জানুৱাৰী মাহৰ 24 তাৰিখে ৷

লগতে পঢ়কঃসৰোজখানক কি প্ৰত্যুত্তৰ দিলে কৰিঅ'গ্ৰাফাৰ গণেশ আৰ্চাযই ?

Intro:Body:

Super Excited to be working with Ranbir, Says Shraddha Kapoor

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.