ETV Bharat / sitara

সুশান্তৰ মৃত্যুৰ তদন্ত: NCBৰ জালত আন এটা ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Sep 3, 2020, 5:33 PM IST

আব্দুল বাসিত পৰিহাৰ আৰু জৈড বিলাত্ৰাৰ পিছত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই। ধৃত সৰবৰাহকাৰীটো সুশান্তৰ মৃত্যুৰে জড়িত থকাৰ প্ৰমাণ নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই এতিয়ালৈকে পোৱা নাই।

সুশান্তৰ মৃত্যুৰ তদন্ত: NCBৰ জালত আন এটা ড্ৰাগছ সৰবৰাহকাৰী
সুশান্তৰ মৃত্যুৰ তদন্ত: NCBৰ জালত আন এটা ড্ৰাগছ সৰবৰাহকাৰী

চিটাৰা ডেস্ক,৩ছেপ্টেম্বৰ: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ নাম ড্ৰাগছ সেৱনৰ সৈতে সাঙোৰ খোৱাৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ জালত পৰিছে ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী । আব্দুল বাসিত পৰিহাৰ আৰু জৈড বিলাত্ৰাৰ পিছত আন এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি সোধ-পোচ কৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই।

সুশান্তৰ মৃত্যুৰে জড়িত থকাৰ সন্দেহত সৰবৰাহকাৰীটোক আটক কৰা হৈছে যদিও এই পৰ্যন্ত সুশান্তৰ মৃত্যুৰে জড়িত থকাৰ প্ৰমাণ পোৱা নাই । নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই সৰবৰাহকাৰীটোৰ পৰিচয় ৰাজহুৱা কৰা নাই যদিও প্ৰকাশ কৰিছে যে, জৈড বিলাত্ৰাৰে সম্পৰ্ক আছে সৰবৰাহকাৰীটোৰ ।

বৃহস্পতিবাৰে স্থানীয় আদালতত জৈড বিলাত্ৰাক হাজিৰ কৰোৱা হয় আৰু নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই ৯ছেপ্টেম্বৰ পৰ্যন্ত নিজৰ জিম্মাত ৰখাৰ অনুমতি লৈছে। জৈডৰ পৰা ৯,৫৫,৭৫০টকাৰ ভাৰতীয় আৰু বিদেশী নোট জব্দ কৰা হৈছিল ।

উল্লেখ্য যে, জৈডে স্বীকাৰোক্তি দিছিল যে, লকডাউনৰ বাবে বান্দ্ৰাত থকা জৈডৰ ভোজনালয় বন্ধ হৈ পৰিছিল আৰু আৰ্থিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ড্ৰাগছ সৰবৰাহৰে জড়িত হৈ পৰিছিল। জৈডক সোধ-পোচ কৰাৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই আব্দুল বাসিত পৰিহাৰক গ্ৰেপ্তাৰ কৰিছিল ।

ৰিয়া চক্ৰৱৰ্তী, সিদ্ধাৰ্থ পিথানিকে ধৰি কেইবাজনৰো সৈতে সম্পৰ্ক আছিল আব্দুল বাসিত পৰিহাৰৰ । এতিয়াও মহাৰাষ্ট্ৰ, দিল্লী, গোৱাৰ বহু ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহৰ আবৰ্তত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা ১৪ জুনত আত্মহননৰ পথ বাচি লোৱা সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চি বি আয়ে আৰু এই তদন্তত সহযোগ কৰিছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' আৰু এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.