চিটাৰা ডেস্ক, 22 জানুৱাৰী : 2020 বৰ্ষৰ পৰাই পিছুৱাই থকা হৈছে এছ এছ ৰাজামৌলীৰ বহু প্ৰতীক্ষিত ছবি ‘RRR’ মুক্তিৰ দিন ৷ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷
এছ এছ ৰাজামৌলীৰ ব্যয়বহুল ছবি বাহুবলীৰ সমপৰ্যায়ৰ নতুবা তাতকৈয়ো অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা থকা ‘Rise Roar Revolt’ ক লৈ অনুৰাগীসকল অধীৰ আগ্ৰহেৰে বাট চায় আছে ৷ শুকুৰবাৰে ‘RRR’ ৰ টীমটোৱে ছবিখনৰ অফিচিয়েল টুইটাৰ একাণ্টতত মাৰ্চ মাহৰ 18 তাৰিখে ছবিখনে মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে (RRR team announced its release date) ৷
-
#RRRMovie on March 18th 2022 or April 28th 2022. 🔥🌊 pic.twitter.com/yoGxM1WcYm
— DVV Entertainment (@DVVMovies) January 21, 2022 " class="align-text-top noRightClick twitterSection" data="
">#RRRMovie on March 18th 2022 or April 28th 2022. 🔥🌊 pic.twitter.com/yoGxM1WcYm
— DVV Entertainment (@DVVMovies) January 21, 2022#RRRMovie on March 18th 2022 or April 28th 2022. 🔥🌊 pic.twitter.com/yoGxM1WcYm
— DVV Entertainment (@DVVMovies) January 21, 2022
ছবিখনৰ নিৰ্মাতাসকলে 28 এপ্ৰিলৰ দিনটোও ছবিখনৰ মুক্তিৰ দিন হিচাপে ধাৰ্য কৰি ৰখাৰ কথাও উল্লেখ কৰে যদিহে পুনৰাই আকৌ কৰ’ণাৰ সংক্ৰমণৰ বাবে ছবিখনৰ মুক্তিৰ দিন পিছুৱাবলগীয়া হয় (Team RRR tweeted its release date on RRR official account) ৷
তেলেগু ভাষাৰ ছবি ‘RRR’ ত দক্ষিণৰ চুপাৰষ্টাৰ ৰামচৰণ আৰু এন টি ৰামাৰাওৰ লগতে বলীউডৰ অজয় দেৱগণ আৰু আলিয়া ভাটকো দেখিবলৈ পোৱা যাব ৷ 20 ৰ দশকৰ স্বাধীনতা আন্দোলনৰ দুজন সংগ্ৰামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা RRR এখন কাল্পনিক ছবি ৷
লগতে পঢ়ক: আলিসাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে এটা আৱেগিক চৰিত্ৰ: দীপিকা পাডুকন