ETV Bharat / sitara

আৰ্তজনৰ কাষত অভিনেতা চনু চুড - মহামাৰীৰ সংকট কাল

কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়ত দৰিদ্ৰ লোকৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপ লৈছে বলীউডৰ অভিনেতা চনু চুডে । শুকুৰবাৰে মুম্বাইস্থিত বাসগৃহৰ সন্মুখত সহায় বিচাৰি অহা লোকক সাক্ষাৎ কৰে অভিনেতাজনে । লগতে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিয়ে ।

Sonu Sood met people outside his residence in Mumbai
মহামাৰীৰ সংকট কালত আৰ্তজনৰ কাষত অভিনেতা ছনু চুড়
author img

By

Published : May 15, 2021, 11:43 AM IST

চিটাৰা ডেস্ক,১৫ মে': বিগত বৰ্ষত ক'ভিড-১৯ মহামাৰীয়ে ভাৰতত কালৰূপ ধাৰণ কৰাৰ সময়ৰে পৰা দৰিদ্ৰ, অসহায় লোকলৈ সহায়ৰ হাত আগবঢ়াই আহিছে বলীউড অভিনেতা চনু চুডে । বিগত বৰ্ষত লক ডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া, দৰিদ্ৰ লোকক খাদ্যৰ যোগান ধৰা আদি কামৰ জৰিয়তে সকলোৰে বুকুৰ আপোন হৈ পৰিছিল চনু ।

চলিত বৰ্ষত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তো আৰ্তজনৰ বাবে বিভিন্ন কাম কৰি আছে অভিনেতাগৰাকীয়ে । শুকুৰবাৰে মুম্বাইস্থিত বাসগৃহৰ সন্মুখত সহায় বিচাৰি অহা লোকক সাক্ষাৎ কৰে অভিনেতাজনে । লগতে তেওঁলোকক সহায় কৰাৰ আশ্বাস দিয়ে ।

চনুৱে শুকুৰবাৰে দেশবাসীক ঈদৰ শুভেচ্ছা জনায় । বলীউডৰ অভিনেতাজনে ফ্ৰান্সৰ পৰা অক্সিজেন লাভ কৰিব পৰা উদ্ভিদ আনি আছে । চনু চুডে দিল্লী, মহাৰাষ্ট্ৰকে ধৰি ভাৰতৰ আটাইতকৈ বেছি সংক্ৰমণ হোৱা ৰাজ্যত কমেও চাৰিটা অক্সিজেন প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ।

আনহাতে, কেইদিনমান পূৰ্বে চনুৱে 'কিষাণ' নামৰ এখন ছবিৰ কথা ঘোষণা কৰিছিল । ই নিৱাস নিৰ্দেশিত ছবিখন নিৰ্মাণ কৰিব ৰাজ শান্দিলিয়াই । ইয়াৰ উপৰিও তেওঁ চিৰঞ্জীৱী অভিনীত তেলেগু ছবি 'আচাৰ্য'তো অভিনয় কৰিব ।

লগতে পঢ়ক: বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.