ETV Bharat / sitara

১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) স্থাপন কৰিব চনু চুডে

author img

By

Published : Jun 10, 2021, 1:11 PM IST

বলীউডৰ অভিনেতা চনু চুডে(Sonu Sood) ভাৰতৰ বিভিন্ন ৰাজ্যত স্থাপন কৰিব ১৮ টা অক্সিজেন প্ৰকল্প(Oxygen plants) । ক'ভিড-১৯(Covid-19) মহামাৰীয়ে সমগ্ৰ দেশতে বিভীষিকা সৃষ্টি কৰাৰ সময়তে বিপদত পৰা লোকসকলক সহায় কৰি আহিছে অভিনেতাগৰাকীয়ে ।

Sonu Sood has promised to set up as many as 18 oxygen plants in various states
দেশৰ ভিন্ন ৰাজ্যত ১৮ টা অক্সিজেন প্ৰকল্প স্থাপন কৰিব চনু চুডে

চিটাৰা ডেস্ক,১০ জুন: জনসাধাৰণৰ হিতৰ বাবে কৰা কামৰ বাবে চৰ্চাত থকা বলীউডৰ অভিনেতা চনু চুডে ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰায় ১৮ টা অক্সিজেন প্ৰকল্প স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে । ৪৭ বছৰীয়া অভিনেতাজনে অন্ধ্ৰপ্ৰদেশ(Andhra Pradesh)ৰ কুৰ্ণুল আৰু নেল্ল'ৰ আৰু কৰ্ণাটকৰ মাংগালুৰুৰ পৰা এই অক্সিজেন প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিছে ।

শীঘ্ৰে তামিলনাডু(Tamilnadu), কৰ্ণাটক(Karnataka), পঞ্জাৱ(Punjab), উত্তৰাখণ্ড(Uttarakhand), তেলেংগানা(Telengana), মহাৰাষ্ট্ৰ(Maharastra), ৰাজস্থান(Rajasthan), উত্তৰ প্ৰদেশ(Uttar Pradesh), বিহাৰ(Bihar), মধ্য প্ৰদেশ(Madhya Pradesh) আদি ৰাজ্যত অন্যান্য অক্সিজেন প্ৰকল্প স্থাপন কৰিব । এই ১৮ টা অক্সিজেন প্ৰকল্পৰ জৰিয়তে প্ৰায় ৫,৫০০ খন অক্সিজেনযুক্ত বিচনাত থকা ৰোগীক অক্সিজেন যোগান ধৰা হ'ব ।

অক্সিজেন প্ৰকল্প স্থাপন কৰা সন্দৰ্ভত চনুৱে কয় যে, যোৱা কেইমাহমানত ভাৰতবাসীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অক্সিজেনৰ অভাৱ । সেয়ে, তেওঁ আৰু তেওঁৰ সহযোগীসকলে অক্সিজেনৰ সমস্যা শিপাৰ পৰা নিৰ্মূল কৰিবলৈ কি কৰা উচিত সেই বিষয়ে চিন্তা কৰিছিল । অক্সিজেন অভাৱ দূৰ কৰাৰ বাবে তেওঁলোকে দেশৰ যিমান ঠাইত সম্ভৱ হয়, সকলো ঠাইতে অক্সিজেন প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত হয় ।

অভিনেতাজনে লগতে জনোৱা মতে, এই অক্সিজেন প্ৰকল্পবোৰৰ বেছি সংখ্যক সেইসমূহ চিকিৎসালয়ত স্থাপন কৰা হ'ব, য'ত দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় । অক্সিজেনৰ অভাৱৰ বাবে যাতে দেশৰো এজনো লোকৰ মৃত্যু নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে । ক'ভিড-১৯(Covid-19)ৰ তৃতীয় ঢৌ সন্দৰ্ভত চনুৱে কয় যে, এই প্ৰকল্পই অক্সিজেনৰ সমস্যা চিৰদিনৰ বাবে সমাধান কৰিব ।

তেওঁ জানিবলৈ দিয়া মতে, বৰ্তমান ৭৫০টা অক্সিজেন কনচেনট্ৰেটৰ(Oxygen Concentrator) আছে আৰু এই সকলোবোৰ ঘৰুৱা ব্যৱহাৰৰ বাবে দিয়া হৈছে । বিভিন্ন ৰাজ্যত স্থাপন কৰিবলগীয়া অক্সিজেন প্ৰকল্পবোৰৰ বাবে অক্সিজেনৰ অভাৱ দূৰ হ'ব বুলি আশা ব্যক্ত কৰিছে অভিনেতাগৰাকীয়ে । অহা মাহৰ ভিতৰত অক্সিজেন প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব বুলি চনু চুডে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ক'ভিড-১৯(Covid-19) মহামাৰীৰ সংকটৰ সময়ত অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ পৰা আৰম্ভ কৰি দৰিদ্র লোকে উপযুক্ত চিকিৎসা লাভ কৰাত সহায় কৰা আৰু এতিয়া অক্সিজেন প্ৰকল্প স্থাপন কৰালৈকে এই সকলোবোৰ কাম কৰি আহিছে চনু চুডে । চনুৱে যোৱা ৭ এপ্ৰিলত পঞ্জাৱৰ এপ'ল' চিকিৎসালয়ত ক'ভিড-১৯(Covid-19) প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছিল ।

অভিনেতাজনে 'সঞ্জীৱনী-এ শ্বট অৱ লাইফ'(SANJEEVANI-A Shot of life) মুকলি কৰি মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ মানুহক সজাগ কৰিবলৈ প্ৰয়াস কৰিছে । ছবিৰ ক্ষেত্ৰত চনুৱে কেইদিনমান পূৰ্বে 'কিষাণ' শীৰ্ষক এখন নতুন ছবিৰ কথা ঘোষণা কৰিছে । ছবিখন ই নিৱাসে নিৰ্দেশনা কৰিব । ইয়াৰ উপৰিও চিৰঞ্জীৱী অভিনীত পৰৱৰ্তী তেলেগু ছবি 'আচাৰ্য'তো তেওঁ অভিনয় কৰিব ।

লগতে পঢ়ক: WATCH: কেনেদৰে জন্মদিন উদযাপন কৰিলে শিল্পা ছেট্টীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.