নেচনেল ডেস্ক, 1 জানুৱাৰী: 2021 বৰ্ষৰ বাবে থকা পৰিকল্পনাৰ বিষয়ে লিখি স্বামী আনন্দ আহোজাৰ সৈতে শুকুৰবাৰে নতুন বছৰটোক আদৰণি জনালে বলিউদৰ অভিনেত্ৰী চ'নম কাপুৰে ৷
2021 চনত স্বামীৰ সৈতে একেলগে প্ৰৱেশ কৰাৰ বাবে সাজু অভিনেত্ৰী গৰাকীয়ে স্বামী আনন্দক "The love of my life" বুলি অভিহিত কৰি ইনষ্টাগ্ৰামত দুয়োৰে এখন ফটো শ্বেয়াৰ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
নতুন বছৰটোত পৰিয়াল, বন্ধুবৰ্গ, ভালপোৱা, কাম, ভ্ৰমণ আদি সকলোবোৰৰ সমাহাৰ ঘটিব বুলি আশা প্ৰকাশ কৰি অভিনেত্ৰী গৰাকীয়ে এইবুলি লিখে, "This year is going to be filled with love, family, friends, work, travel, spiritual growth and much much more. I'm only looking forward to having the best fucking time of our life."
পাছলৈ ঘূৰি নাচাও বুলি উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে লগতে এইদৰে লিখে, "We will work hard and live life to the fullest and we aren't looking back at all..."
স্বামীৰ সৈতে অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনে মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে অনুৰাগীৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷ কেইটা মান মিনিটৰ ভিতৰতে অভিনেত্ৰী গৰাকীৰ পোষ্টটোত এক লাখৰো অধিক লোকে লাইক কৰাৰ উপৰিও নৱবৰ্ষৰ শুভেচ্ছা বাণীৰে ভৰি পৰা পৰিলক্ষিত হয় ৷