ETV Bharat / sitara

মোৰ প্ৰথমটো গানৰ শ্বুটিঙৰ জৰিয়তে মই ডাঙৰ অভিজ্ঞতা অনুভৱ কৰিছোঁঃ মানুষী চিল্লাৰ

author img

By

Published : Feb 7, 2020, 4:27 PM IST

2017 বৰ্ষৰ মিছ ৱৰ্ল্ড বিজয়ী মানুষী চিল্লাৰে YRFৰ পৃথ্বীৰাজ ছবিৰ জৰিয়তে শেহতীয়াকৈ ভৰি থৈছে বলীউড ক্ষেত্ৰখনত ৷ ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিব মানুষী চিল্লাৰে ৷

Manushi chhillar
মানুষী চিল্লাৰ

চিটাৰা ডেস্ক,7 ফেব্ৰুৱাৰীঃ 2017 বৰ্ষৰ মিছ ৱৰ্ল্ড মানুষী চিল্লাৰে ঐতিহাসিক ড্ৰামা পৃথ্বীৰাজত অক্ষয় কুমাৰৰ সৈতে আৰম্ভ কৰিছে নিজৰ বলীউড কেৰিয়াৰ ৷ বৃহস্পতিবাৰে মানুষীয়ে সম্পন্ন কৰে ছবিখনৰ বাবে প্ৰথমটো গীতৰ শ্বুটিং ৷ গীতটোৰ শ্বুটিং সন্দৰ্ভত মানুষীয়ে কয়, "মোৰ প্ৰথমটো গানৰ শ্বুটিঙৰ জৰিয়তে মই ডাঙৰ অভিজ্ঞতা অনুভৱ কৰিছোঁ ৷"

চন্দ্ৰ প্ৰকাশ দ্বিবেদীৰ দ্বাৰা নিৰ্দেশিত আৰু যশৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখন দ্বাদশ শতাব্দীৰ সম্ৰাট পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত ৷
ছবিখনত অক্ষয় কুমাৰে শিৰোণাম চৰিত্ৰ ৰূপায়ন কৰাৰ বিপৰীতে মানুষীয়ে সম্ৰাটৰ পত্নী সংযোগিতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷

মানুষীয়ে শেহতীয়াকৈ জনাই যে, ছবিখনত তেওঁৰ প্ৰথমটো গীতৰ শ্বুটিং তেওঁৰ জীৱনৰ এক স্মৰণীয় ক্ষণ হৈ ৰ'ব ৷ মানুষীয়ে কয়, " মোৰ প্ৰথমটো গীতৰ শ্বুটিঙৰ অনুভৱ যথেষ্ট ভাল আৰু ই সদায় মোৰ জীৱনৰ বাবে স্মৰণীয় হৈ ৰ'ব ৷ প্ৰথমটো গানৰ বাবে প্ৰস্তুতি , ৰিহাৰ্চেল আৰু শ্বুটিঙৰ পৰা মই ডাঙৰ অভিজ্ঞতা অনুভৱ কৰিছোঁ ৷"

এই বৰ্ষৰে দীপাৱলীৰ সময়ত মুক্তি পাব 22 বছৰীয়া মানুষী চিল্লাৰৰ প্ৰথমখন ছবি পৃথ্বীৰাজ ৷

লগতে পঢ়কঃমুম্বাইত মলংগৰ বিশেষ প্ৰদৰ্শনী

Intro:Body:

MANASHI SILLAR NEW SONG

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.