ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ ভিডিঅ’ শ্বেয়াৰ...হতবাক শিল্পা

author img

By

Published : Jun 19, 2021, 7:17 PM IST

শেহতীয়াকৈ ৰাজ কুন্দ্ৰাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ই বাৰুকৈয়ে আমোদ দিছে অভিনেত্ৰী শিল্পা ছেট্টীক । ৰাজ কুন্দ্ৰাই জনপ্ৰিয় স্পেনিছ ৱেব ছিৰিজ 'Money Heist'ত পঞ্জাৱী ৰহন দি এটা ভিডিঅ' প্ৰস্তুত কৰিছে যিটো অতি হাস্যকৰ ।

Shilpa Shetty's husband Raj Kundra has shared Punjabi Money Heist video
পঞ্জাৱী Money Heistৰ ভিডিঅ' শ্বেয়াৰ কৰিলে ৰাজ কুন্দ্ৰাই

চিটাৰা ডেস্ক, ১৯ জুন : এইবাৰ বিবাহিত ব্যক্তি সন্দৰ্ভত কৰা টিপ্পনীৰে চৰ্চাত অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা । ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ীজনে জনপ্ৰিয় স্পেনিছ ৱেব ছিৰিজ 'Money Heist'ত পঞ্জাৱী ৰহন সানি এটা ভিডিঅ' প্ৰস্তুত কৰিছে । ভিডিঅ'টোত তেওঁক নেটফ্লিক্সৰ ছুপাৰহিট ছিৰিজটোৰ অধ্যাপক হিচাপে আৰু পত্নী শিল্পাক টকিঅ' হিচাপে দেখুওৱা হৈছে । ৰাজে শেহতীয়াকৈ ইনষ্টাগ্ৰাম পোষ্টযোগে এই হাস্যকৰ ভিডিঅ'টো শ্বেয়াৰ কৰে ।

তেওঁ ফেচ শ্বেপ এপৰ সহায়ত এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল । ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাজে লিখিছে যে, "অৱশেষত 'Money Heist'ত পঞ্জাৱী দম্পতী । সংলাপটো পঞ্জাৱীলৈ অনুবাদ কৰি লিখিছে যে, যেতিয়া এগৰাকী ভাৰতীয় মহিলা বিবাহিত হয়, তেতিয়া মংগলসূত্ৰৰ জৰিয়তে গম পোৱা যায় যে তেওঁ বিবাহিত । কিন্তু ভাৰতীয় পুৰুষ বিবাহিত হয় নে নহয় সেয়া কেনেকৈ জানিব ।

ইনষ্টাগ্ৰামত ১ মিলিয়ন ফল'ৱাৰ্ছ থকা ৰাজ কুন্দ্ৰাৰ ভিডিঅ'টো ১০৯ হাজাৰ অনুৰাগীয়ে চাইছে ।

ৰাজৰ পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিল্পাই লিখিছে যে, "হে ভগৱান !" শিল্পাৰ উপৰিও বি প্ৰাক, ছাৰা খান আৰু বিকাশ ভল্লাৰ দৰে তাৰকাসকলকো ৰাজৰ ভিডিঅ'টোৱে আমোদ দিছে । কেইদিনমান পূৰ্বে প্ৰথমা পত্নী কবিতাই ৰাজ আৰু শিল্পাৰ বিবাহৰ পূৰ্বৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰা এটা পুৰণি ভিডিঅ' ভাইৰেল হৈছিল ৷

ইয়াৰ পিছতে ৰাজে এক সাক্ষাৎকাৰত দাবী কৰিছিল যে, প্ৰাক্তন পত্নী কবিতাৰ তেওঁৰ ভগ্নীৰ স্বামীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । এই সম্পৰ্কৰ বাবে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল বুলি মন্তব্য কৰিছিল ৰাজ কুন্দ্ৰাই । ইয়াৰ পিছত শিল্পা ছেট্টীয়েও এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল । এগৰাকী নিকা হৃদয়ৰ ব্যক্তিক মানুহে কেনেকৈ অপযশ জাপি দিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছিল শিল্পাই ।

লগতে পঢ়ক: একেলগে কাম কৰিব শেখৰ কাম্মুলা আৰু ধনুষে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.